ছয়গাঁও উদ্যোগিক কেন্দ্ৰত APDCLৰ ভয়ানক কাণ্ড

chaygaon1

কামৰূপ জিলাৰ ছয়গাঁও উদ্যোগিক কেন্দ্ৰত এদিনতে বিদ্যুৎ বিভাগে ধ্বংস কৰিলে প্ৰায় দুশজোপা গছ । ইতিমধ্যে গছ সংৰক্ষণ কৰিবলৈ বিদ্যুৎ বিভাগক ১৮ লাখ টকা জমা দিয়াৰ পিছতো বিশ্ব পৰিৱেশ দিৱসৰ পিছদিনাই গছ কাটি কৰিলে তহিলং কৰিলে বিদ্যুৎ বিভাগে। কাৰ জেপত সোমাল বিদ্যুৎ বিভাগক জমা দিয়া ধন?

৫ জুন, শুক্ৰবাৰে পালন কৰা হয় বিশ্ব পৰিবেশ দিৱস। এই দিনটোতে গছপুলি ৰোপণৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হয় । কিন্তু বিশ্ব পৰিবেশ দিৱসৰ পিছদিনাই গছত পৰিল বিদ্যুৎ বিভাগৰ হাতোৰা। একেদিনাই ধ্বংস কৰা হ’ল প্ৰায় দুশজোপা গছ। ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰৰ ভিতৰত বিগত প্ৰায় ১৫ বছৰ ধৰি সাদৰেৰে লালন-পালন কৰা দুশজোপা গছ নিমিষতে ধ্বংস কৰিলে বিদ্যুৎ বিভাগে। তাৰ পিছতে সোমবাৰে এই ঘটনাক লৈ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

ইফালে গছ সংৰক্ষণ কৰি ৰৱৰ সংযুক্ত তাঁৰেৰ বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰিবলৈ উদোগিক বিকাশ কেন্দ্ৰই ইতিমধ্যে APDCLক জমা দিছে ১৮ লাখ টকা। ছয়গাঁও বিদ্যুৎ বিভাগে প্ৰস্তুত কৰা এক আঁচনিৰ বিপৰীতে ফেব্ৰুৱাৰীত বিদ্যুৎ বিভাগক আদায় দিয়া হৈছে ১৮ লাখ । তাৰ পিছতো কিয় নিৰ্দয়ভাৱে কটা হ’ল প্ৰায় ২শ জোপা গছ ! কাৰ জেপত সোমাল উদ্যোগিক বিকাশ কেন্দ্ৰই জমা দিয়া ১৮ লাখ টকা। এই সন্দৰ্ভত প্ৰকৃতি প্ৰেমীয়ে বিচাৰিছে প্ৰকৃত তদন্ত ।

Exit mobile version