নিউজিলেণ্ডত কৰ’নাৰ সংক্ৰমণ শূন্য

covid19

সমগ্ৰ বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষতো কৰ’না মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে নিউজিলেণ্ড হৈ পৰিছে আমাৰ সকলোৰে কাৰণ আদৰ্শ ৷ কাৰণ নিউজিলেণ্ডৰ স্বাস্থ্য মন্ত্ৰীয়ে ইতিমধ্যে জনাইছে যে দেশখনত ২২ মে’ৰ পৰা এটাও কৰ’নাৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ অহা নাই। দেশখন সম্প্ৰতি কৰ’না সংক্ৰমণৰ পৰা মুক্ত ৷ প্ৰধানমন্ত্ৰী জেচিণ্ডা অৰ্ডনে সংবাদমাধ্যমৰ আগত মত বিনিময় কৰি জনায় যে দেশ খনত কোনো কৰ’নাত চিকিৎসাধীন হৈ থকা ৰোগী নাই। গতিকে কৰ’নাৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ দিয়া তলাবন্ধ খুলি দিয়া হ’ব। এইয়া বহুত ডাঙৰ সাফল্য ।

উল্লেখযোগ্য যে কৰ’নাৰ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে নিউজিলেণ্ডে ৭৫ দিনৰ তলাবন্ধৰ ঘোষণা কৰিছিল। অৱশ্যে দেশখনৰ সীমান্ত এতিয়াই খোলা নহ’ব । নিউজিলেণ্ডত প্ৰায় ১১৫৪ টা কৰ’নাত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল ৷ ২২ জন লোকৰ কৰ’নাত মৃত্যু হৈছিল । আনহাতে ইয়াত ২ লাখ ৯৪ হাজাৰ ৮০০ জন মানুহৰ ক’ভিড১৯ পৰীক্ষা কৰা হৈছিল। ইফালে কৰ’না সংক্ৰমণক প্ৰতিৰোধ কৰিবলৈ আৱশ্যকীয় সামাজিক দূৰত্বৰ ক্ষেত্ৰতো দেশখনত এতিয়াৰ পৰা নাথাকিব কোনো বাধ্য বাধকতা ৷ আনহাতে সোমবাৰে কৰ’না ভাইৰাছৰ উৎপত্তিৰ কেন্দ্ৰস্থল চীনত নতুনকৈ ৬ লোকৰ শৰীৰত কৰ’না ভাইৰাছ পোৱা গৈছে ৷ অৱশ্যে আক্ৰান্ত ৬ জন লোকেই বহিঃদেশৰ পৰা অহা ৷

আমেৰিকাত কৰ’না ভাইৰাছে লৈছে ভয়ংকৰ ৰূপ ।ইতিমধ্যে আমেৰিকাত ২০ লাখতকৈও অধিক লোক আক্ৰান্ত হৈছে । ইফালে কৰ’নাত আক্ৰান্তৰ ক্ষেত্ৰত আমেৰিকা আছে শীৰ্ষত ৷ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মতে আমেৰিকাত কৰ’নাৰ পৰীক্ষা বেছি হোৱাৰ কাৰণেই সংক্ৰমণৰ সংখ্যা অধিক । ইফালে আমেৰিকাৰ মিনিয়াপলিচ চহৰত আৰক্ষীয়ে কৃষ্ণাংগ হত্যাৰ ঘটনাক লৈ কৰা প্ৰতিবাদত লোকসকলে মাস্ক পিন্ধিলে সামাজিক দূৰত্ব বৰ্তাই ৰখা নাই । এই কথা লৈ চিন্তিত হৈ পৰিছে আমেৰিকাৰ চৰকাৰ ।

পাকিস্তানত কৰ’নাত সংক্ৰমণৰ ঘটনা প্ৰতিদিনে বৃদ্ধি পালেও কিন্তু প্ৰধানমন্ত্ৰী ইমৰান খানে তলাবন্ধ দিয়া নামেই নলয় ।ইমৰান খানৰ মতে পাকিস্তান দ্ৰৰিদ্ৰতাৰে ভৰি পৰিছে ৷ যদি তলাবন্ধ দিয়া হয় তেন্তে পাকিস্তানৰ আৰ্থিক গতি অত্যন্ত স্থবিৰ হৈ পৰিব ।আনহাতে সম্প্ৰতি পাকিস্তান চৰকাৰৰ বিৰুদ্ধে সাংসদ শ্বেৰী ৰহমানৰ অভিযোগ যে তেওঁলোকে বহিঃদেশৰ পৰা অহা লোকসকলৰ ক’ভিড-১৯ৰ পৰীক্ষা কৰা নাই ৷

আমেৰিকাৰ লগতে বিভিন্ন দেশৰ অভিযোগ যে কৰ’না ভাইৰাছ সমগ্ৰ বিশ্বত বিয়পাৰ কাৰণে দোষী চীন ৷ কিন্তু পুনৰ চীনে এই অভিযোগ খণ্ডন কৰি যে কৰ’না ভাইৰাছৰ বিষয়ে সম্ভেদ পোৱাৰ লগে লগে চীনে বিশ্ব স্বাস্থ্য সংস্থাক অৱগত কৰাইছিল । লগতে চীনৰ ভাষ্য যে ৮ জানুৱাৰীত কৰ’না ভাইৰাছৰ বিষয়ে জনাৰ পিছতেই তেওঁলোকে ১১ জানুৱাৰীৰ পৰা প্ৰতি দিনে বিশ্ব স্বাস্থ্য সংস্থাক ইয়াৰ তথ্য দি আহিছে ।

Exit mobile version