৭০ শতাংশ কৰ’না কৰৰ প্ৰত্যাহাৰ

সুৰা বিক্ৰীৰ ক্ষেত্ৰত দিল্লীত আৰোপ কৰা বিশেষ কৰ’না কৰ প্ৰত্যাহাৰ কৰিলে দিল্লী চৰকাৰে। অহা ১০ জুনৰ পৰা এই নতুন নিয়ম দেশৰ ৰাজধানী চহৰখনত কাৰ্যকাৰী হ’ব ৷ উল্লেখযোগ্য যে তলাবন্ধৰ মাজতে দিল্লীৰ সুৰা বিপনীসমূহ খোলা ৰাখিবলৈ ৰাজ্য চৰকাৰে অনুমতি দিছিল আৰু সুৰাৰ মূল্য ৭০ শতাংশ বিশেষ কৰ’না কৰ আৰোপ কৰিছিল। বিশেষ কৰ’না কৰ প্ৰত্যাহাৰ কৰা হ’লেও সকলো সুৰাত ভেটৰ পৰিমান ২০ শতাংৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি কৰা হ’ব ৷

ৰাজ্য চৰকাৰৰ এজন বিষয়াই আজি এইদৰে জনায়। বিশেষ কৰ’না কৰ প্ৰত্যাহাৰৰ ফলত দিল্লীত সুৰাৰ মূল্য বহুখিনি হ্ৰাস পাব। স্মৰ্তব্য যে বিগত এমাহত দিল্লী চৰকাৰে সুৰাৰ ওপৰত আৰোপ কৰা বিশেষ কৰ’না কৰৰ জৰিয়তে অহা ১২৭ কোটি টকাৰ ৰাজহ অতিৰিক্তভাৱে সংগ্ৰহ কৰিছিল।

Exit mobile version