কৰ’নাৰ পৰা বাচিবলৈ নতুন আৱিষ্কাৰ ‘ডিষ্টেন্সিং শ্বু’ 

distancing shoe 1
কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজক ৰক্ষা কৰাৰ ক্ষেত্ৰত সম্প্ৰতি প্ৰধান অস্ত্ৰ হৈছে সামাজিক দূৰত্ব।বাছ-ৰেল আদিত এই সামাজিক দূৰত্ব বৰ্তাই ৰখাটো অতি কষ্টকৰ কাম।অৱশ্যে সেয়াও সম্ভৱ।সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবেই সম্প্ৰতি ৰোমানিয়াত নিৰ্মাণ হৈছে ৭৫নম্বৰ জোখৰ জোতা ।ৰোমানিয়াৰ এজন জোতা নির্মাতাই এই বিশেষ জোতাযোৰৰ পৰিকল্পনা কৰিছে ।
সামাজিক দূৰত্বৰ বিষয়টো মনত ৰাখিয়ে গ্ৰেগৰ লুপ নামৰ  এই জোতা নির্মাতাজনে এযোৰ বিয়াগোম আকাৰৰ জোতা তৈয়াৰ কৰে ।জোতাৰ জোখ ৭৫  নম্বৰ ।দেখিবলৈ কদাকাৰ হ’লেও কৰ’না ৰোধৰ ক্ষেত্ৰত এই জোতা ৰাস্তা ;ঘাটত মোক্ষম ঔষধ হ’ব বুলিয়ে একাংশ বিশেষজ্ঞই ধাৰণা কৰিছে ।এই জোতা পৰিধান কৰি দুজন লোকে মুখামুখিকৈ থিয় দিলে প্ৰায় ডেৰ মিটাৰৰ  দূৰত্বত দুয়ো থাকিব ।এই জোতাৰ জোখ ইউৰোপৰ হিচাপত ৭৫নম্বৰ ।নিৰ্মাতা লুপে চাহিদা বৃদ্ধি পাইছে ।এই ‘ডিষ্টেন্সিং শ্বু’ সামাজিক দূৰত্ব বৰ্তাই ৰখাত  অনেক কাৰ্যকৰী হ’ব বুলিয়ে আশা কৰিছে নিৰ্মাতা লুপে।
Exit mobile version