দৰিদ্ৰতা সফলতাৰ অন্তৰায় হ’ব নোৱাৰে

PicsArt 06 09 10.41.35

নগাঁও জিলাৰ দুটা চৰৰ পামঘৰত থাকি আৰ্থিক দীনতা আৰু অজস্ৰ অসুবিধাকো নেওচি এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজ্বলি উঠিল ৰৌচনাৰা আনচাৰী আৰু মৌচিনাৰা বেগম। বোকাৰ পদুমৰ দ্বৰে জিলিকি উঠা ৰৌচনাৰা আনচাৰীয়ে অসমীয়াত ৮৫, ইংৰাজীত ৮৩, সাধাৰণ গণিতত ৮৬, সাধাৰণ বিজ্ঞানত ৮৮, সমাজ বিজ্ঞানত ৮০ আৰু হিন্দীত ৯৬ নম্বৰ সহ মুঠ ৫১৮নম্বৰ লাভ কৰি ৮৬.৩৩শতাংশ নম্বৰ সহ ডিষ্টিংচন লাভ কৰে।

নগাঁও জিলাৰ এক নম্বৰ কান্ধুলিমাৰীৰ বাসিন্দা তথা বৰ্তমানৰ মাইজবালি চৰৰ বাসিন্দা ৰফিকুল ইছলাম আৰু চুফিয়া খাতুনৰ কণ্যা ৰৌচনাৰাই পৰিয়ালৰ আন সদস্যৰ লগতে চৰৰ বিধ্বস্ত পাম ঘৰতেই বাস কৰিছিল। তেওঁৰ চৰৰ পামঘৰৰ পৰা বিদ্যালয়ৰ দুৰত্ব আছিল প্ৰায় ছয় কিলোমিটাৰ। ব্ৰহ্মপুত্ৰৰ দুটা পানীৰে পৰিপূৰ্ণ সুঁতি পাৰহৈ বোকা পানী খচকি পদব্ৰজে তেওঁ কান্ধুলিমাৰী জ্ঞান দৰ্শন জাতীয় বিদ্যাপীঠলৈ পঢ়িবলৈ আহিছিল। বিভিন্ন প্ৰাকৃতিক দুৰ্যোগক উপেক্ষা কৰি নিয়মীয়াকৈ পঢ়াশালিলৈ আহি কোনো টিউচন নোহোৱাকৈয়ে তেওঁ এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ।

আনহাতে ধিঙৰেই ৰৌমাৰীৰ বাসিন্দা তথা তিনটেকীয়া চৰৰ পামঘৰৰ আৱাসী মোজামিল হক আৰু মুৰছিদা বেগমৰ কণ্যা মৌচিনাৰা বেগমেও দৰিদ্ৰতা, বিভিন্ন প্ৰতিকূলতাক নেওচি পাঁচ কিলোমিটাৰ নিলগৰ কান্ধুলিমাৰী জ্ঞান দৰ্শন জাতীয় বিদ্যাপীঠত অধ্যয়ন কৰিছিল। বহু প্ৰতিবন্ধকতাৰ মাজতো তেওঁ এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়াত ৭৬, ইংৰাজীত ৭১, সাধাৰণ গণিতত ৮৫, সাধাৰণ বিজ্ঞানত ৯১, সমাজ বিজ্ঞানত ৮০আৰু হিন্দীত ৮৮নম্বৰ সহ মুঠ ৪৯১ নম্বৰৰে প্ৰথম বিভাগত উৰ্ত্তীণ হয়। তেওঁৰো কোনো টিউচন নাছিল। দুয়ো গৰাকী ছাত্ৰীয়েই ধিং কলেজত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম ভৰ্তি কৰি অধ্যয়ন কৰিব।

Exit mobile version