দৰ্শনাৰ্থীৰ বাবে মুকলি তামুলপুৰৰ ৫১০ বছৰীয়া ইতিহাস সমৃদ্ধ মহাপ্ৰভূ শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থানসত্ৰ

Screenshot 20200609 171003 Video Player

ক’ভিড-১৯ ৰ প্ৰতিৰোধৰ বাবে দেশজুৰি ঘোষণা কৰা তলাবন্ধৰ ফলত বন্ধ হৈ পৰিছিল দেশৰ মঠ-মন্দিৰকে ধৰি বিভিন্ন উপসনাৰ স্থলীসমুহ ৷ শেহতীয়াকৈ পঞ্চম পৰ্যায়ৰ তলাবন্ধ চলি থকাৰ মাজতে ৮ জুনৰ পৰা চৰকাৰীভাৱে তলাবন্ধৰ ক্ষেত্ৰত কিছু শিথিলতা আনি মঠ-মন্দিৰ আদি ধৰ্মীয় অনুস্থানসমুহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিবলৈ অনুমতি প্ৰদান কৰে ৷

চৰকাৰী নিৰ্দেশনা লাভ কৰাৰ পিছতে আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে দুৱাৰ মুকলি কৰিলে তামুলপুৰ মহকুমাৰ অন্তৰ্গত ৫১০ বছৰীয়া ইতিহাস সমৃদ্ধ কচুবাৰীৰ মহাপ্ৰভূ শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ ৷ সূদীৰ্ঘদিন বন্ধ হৈ থকাৰ অন্তত সত্ৰ পৰিচালনা সমিতিয়ে শেহতীয়াকৈ তলাবন্ধ শিথিল কৰি চৰকাৰীভাৱে বান্ধি দিয়া নিৰ্দেশনা অনুসৰি আজি পুৱা আঠ বজাত দৰ্শনাৰ্থীৰ বাবে দূৱাৰ মুকলি কৰি দিয়ে ৷

আনহাতে আজি পুৱাৰ ভাগত থানখনত নৈব্যদ্য আগবঢ়াবলৈ উপস্থিত হয় অঞ্চলটোৰ বহু ভক্ত প্ৰান ৰাইজ ৷ সকলোৱে মুখত মাস্ক পৰিধান কৰি, চেনিটাইজাৰেৰে হাত পৰিস্কাৰ কৰি সামাজিক দুৰত্ব বৰ্তাই ৰাখি থানৰ ভিতৰত প্ৰবেশ কৰি নৈবদ্য আগবঢ়াই নিজৰ লগতে সমাজৰ মঙ্গল কামনা কৰে ৷ থানখনৰ পৰিচালনা সমিতিৰ সভাপতি ধনেশ্বৰ দাসে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে চৰকাৰ বান্ধি দিয়া নীতি নিৰ্দেশনা অনুসৰি ইতিমধ্যে থানসত্ৰৰ চৌহদত আছুতীয়াকৈ হাত ধোৱাৰ ব্যৱস্থা, জিৰনি গৃহ, সামাজিক দুৰত্ব বৰ্তাই ভিতৰত প্ৰবেশ কৰাৰ বাবে বেৰিকেড আদি সাজি দিয়ে ৷

থানসত্ৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীয়ে প্ৰকাশ কৰা মতে চৰকাৰীভাৱে সম্পুৰ্ণ তলাবন্ধ উঠাই নিদিয়ালৈকে কোনো ভক্ত তথা দৰ্শনাৰ্থীয়ে থানসত্ৰত কোনো ধৰণৰ নাম প্ৰসংগ কৰিব নোৱাৰিব ৷ কেৱল মাত্ৰ ধূপ-চাকি জ্বলাই মহাপ্ৰভূ দুজনাক সেৱা জনাব পাৰিব ৷ উল্লেখ্য যে ৫১০ বছৰীয়া ইতিহাস সমৃদ্ধ তামুলপুৰ মহকুমাৰ মহাপ্ৰভূ কচুবাৰীৰ শ্ৰী শ্ৰী গোপাল আৰু থান সত্ৰত বছৰৰ প্ৰতিদিনে যথেষ্ট ভক্তৰ সমাগম হয় ৷ আনহাতে পহিলা বহাগৰ পৰা ছয় বহাগলৈ গোপাল আৰু জগন্নাথ থানসত্ৰত নামনি অসমৰ জনপ্ৰিয় লোক উৎসৱ গোঁসাই বাঁহ ফুৰোৱা উৎসৱ অনুস্থিত হোৱাৰ লগতে ফাগুন মাহত বাৰ্ষিক সভা-মহোৎসৱ অনুস্থিত হয় ৷ য’ত নামনি অসমৰ বিভিন্ন প্ৰান্তৰ লক্ষাধিক লোকৰ আগমন ঘটে ৷

Exit mobile version