বিশ্ব স্বাস্থ্য সংস্থাৰ কৰ’না ভাইৰাছৰ সন্দৰ্ভত শেহতীয়া প্ৰতিবেদন অনুসৰি এজন ব্যক্তিৰ শৰীৰত কৰ’নাৰ কোনো লক্ষণ নাথাকিলেও সংক্ৰমণ হ’ব পাৰে । আৰু এই সংক্ৰমণ এজনৰ পৰা আনজনলৈও বিয়পিব পাৰে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে সম্প্ৰতি অধিক ক্ষিপ্ৰতাৰে কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে ৷ সেয়েহে বিশ্ব স্বাস্থ্য সংস্থাই এই আশংকা ব্যক্ত কৰিছে ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মহামাৰীৰ বিশেষজ্ঞ ডা° মাৰিয়া বেনে কয় যে শৰীৰত লক্ষণ থাকক বা নাথাকক কৰ’না ভাইৰাছ যে এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে তাৰ প্ৰমাণ ইতিমধ্যে পোৱা গৈছে। গতিকে লক্ষণ নাথাকিলেও কৰ’নাত আক্ৰান্ত হ’ব পাৰে ৷ বিশেষকৈ যুৱক বা স্বাস্থ্যৱান লোকসকলৰ কৰ’না ভাইৰাছৰ লক্ষণ দেখা নাযায় ৷ বা সীমিত সংখ্যক লক্ষণহে পোৱা যায় ।
ড° মাৰিয়াই কয় যে তথ্য অনুসৰি চিকিৎসালয় অথবা ঘৰত কোনো লক্ষণ নথকা লোকসকলৰ পৰা কৰ’না সংকমণ হ’ব পাৰে। এই সন্দৰ্ভত অধিক জানিবলৈ গৱেষণা আৰু তথ্যৰ প্ৰয়োজন ৷ এই সময়ত কৰ’নাত সংক্ৰমিত লোকসকলৰ প্ৰতিহে চৰকাৰে অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ কাৰণ কৰ’না যিহেতু এজনৰ পৰা আনজনলৈ সংক্ৰমিত হয় ৷ গতিকে কৰ’না ৰোগীৰ সংস্পৰ্শলৈ অহা লোকসকলৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰাতো চৰকাৰৰ দায়িত্ব । “সম্প্ৰতি আমাৰ দৃষ্টি কেৱল কৰ’নাৰ লক্ষণ থকা ৰোগীসকলৰ ওপৰত ৷ যদি আমি কৰ’নাৰ লক্ষণ থকা লোকসকলক আইছ’লেছন,কোৱাৰেন্টাইনত ৰাখি সকলো নিয়ন্ত্ৰণত আনি ল’ব পাৰো তেন্তে এই মহামাৰীত আক্ৰান্তৰ পৰিসংখ্যা অতি ক্ষিপ্ৰতাৰে হ্ৰাস পাব ” এই মন্তব্য ড° মাৰিয়া বেনৰ।