ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ অহাৰ বাবেই বহিঃৰাজ্যৰ পৰা অহা লোকসকলক স্থানীয়ভাৱে কোৱাৰেন্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে অসম চৰকাৰ তথা প্ৰশাসনে। ইতিমধ্যে বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত সাজু কৰি তোলা হৈছে কোৱাৰেন্টাইন কেন্দ্ৰ । ১০০ জন লোকক ৰাখিব পৰাকৈ গঢ়ি তোলা হৈছে বকোত কোৱাৰেন্টাইন কেন্দ্ৰ ।
জনস্বাস্থ্য কাৰিকৰী বিভাগে শৌচালয় স্থাপন, খোৱাপানীকে ধৰি যাৱতীয় কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছে । এদিন বা দুদিন পিছৰ পৰাই বকোত বহিঃৰাজ্যৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইন কেন্দ্ৰত ৰখাৰ ব্যৱস্থা কৰিব। এই সন্দৰ্ভত মঙলবাৰে বকোস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-সংমণ্ডলৰ বিষয়া বাবুল বড়োয়ে কামৰ অগ্ৰগতিৰ বুজ লয়। বকোৰ কোৱাৰেন্টাইন কেন্দ্ৰত ১৬ টাকৈ সংলগ্ন শৌচালয় আৰু ৯ হাজাৰ লিটাৰৰ খোৱা পানীৰ টেংকি বহুৱাই পানী যোগানৰ দিহা কৰা বুলি জানিবলৈ দিয়ে। একেদৰে ৩৮ টাকৈ পানীৰ টেপৰ ব্যৱস্থা কৰে।
ADVERTISEMENT