আগষ্টৰ পৰাই ক’ভিড১৯ৰ বীজাণু বিয়পি পৰিছিল চীনত

সম্প্ৰতি বিশ্বজুৰি ক’ভিড-১৯ৰ সংক্ৰমণে আতংকৰ পৰিবেশৰ সৃষ্টি কৰিছে ৷ চীনৰ উহানৰ এখন বজাৰৰ পৰা এই মাৰাত্মক বীজাণুৰ সংক্ৰমণ হৈছিল ৷ আমেৰিকাকে ধৰি বিশ্বৰ বিভিন্ন দেশে এই ভাইৰাছৰ ভয়াৱহতাৰ বাবে চীনক দোষাৰোপ কৰি খৰ্গহস্ত হৈছে  ৷ এই পৰিস্থিতিৰ মাজতে এইবাৰ চীনৰ বিৰুদ্ধে আন এক বিশেষজ্ঞৰ তথ্য প্ৰকাশিত হৈছে । চীনৰ উহান প্ৰদেশত বহু পূৰ্বেই বিয়পিছিল ক’ভিড-১৯ ৰ ভাইৰাছ । বিগত বৰ্ষৰ আগষ্টতে চীনৰ উহানত বিয়পিছিল কৰ’না ভাইৰাছ ৷ এনে দাবী কৰিলে হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ এক সাম্প্ৰতিক গৱেষণাই ৷

গৱেষণাকালত উদ্ধাৰ হোৱা তথ্য অনুসৰি বিগত ডিচেম্বৰত উহানৰ বজাৰৰ পৰা এই ভাইৰাছ বিষপিবলৈ আৰম্ভ কৰিছিল বুলি চীনা চৰকাৰৰ দাবী সঠিক নহয় ৷ তাৰ চাৰি মাহ পূৰ্বে উহানত এই ভাইৰাছ বিয়পিবলৈ আৰম্ভ কৰে । অৱশ্যে চীনে এনে দাবীক হাস্যকৰ বুলি নসাৎ কৰিবলৈ চেষ্টা কৰিছে ৷ উহানত বিগত আগষ্টৰ পৰা চাৰিমাহ আগৰে পৰা ক’ভিড-১৯ৰ ভাইৰাছ বিয়পিবলৈ আৰম্ভ কৰাৰ বিষয়ে কিদৰে অৱগত হ’ল হাৰ্ভাৰ্ডৰ গৱেষকসকল । তেওঁলোকৰ দাবী “বিভিন্ন উপগ্ৰহই প্ৰেৰণ কৰা ছবিৰ বিশ্লেষণ আৰু ছাৰ্চ ইঞ্জিনৰ কেইটামান সংশ্লিষ্ট শব্দৰ সন্ধান কৰি তেওঁলোক এই সিদ্ধান্তত উপনীত হৈছে । দেখা গৈছে যে কফ, ডায়েৰীয়া আদিৰ দৰে শব্দবোৰ সন্দৰ্ভত সেই সময়ৰ পৰাই বিভিন্ন ছাৰ্চ ইঞ্জিনত কৌতূহলী হৈ পৰে উহানৰ বাসিন্দাসকল।

Exit mobile version