তলাবন্ধত হেৰুৱালে সংস্থাপন : মনৰেগাত শ্ৰমিকৰ কাম বিচাৰি দেশত ৩৫লাখৰ আবেদন

IMG 20200610 205959

তলাবন্ধৰ ফলত সমগ্ৰ বিশ্বৰ লগতে ভাৰততো সংস্থাপন হেৰুৱাবলগীয়া হৈছে লাখ লাখ লোকে । সাধাৰণ শ্ৰমিকৰ পৰা কাম হেৰুওৱাসকলৰ মাজত আছে বহু উচ্চ শিক্ষিত যুৱক -যুৱতীও । এই উচ্চ শিক্ষিত সকলে একমাত্ৰ পেটৰ ভোক নিবাৰণৰ বাবেই এতিয়া শ্ৰমিকৰ কাম কৰিবলৈকো দ্বিধাবোধ নকৰা হৈছে । দেশৰ অন্যান্য ৰাজ্যৰ লগতে উত্তৰ প্ৰদেশতো স্নাতকোত্তৰ ডিগ্ৰীধাৰী বহু যুৱকে সংস্থান হেৰুৱাই ‘মনৰেগা ‘ প্ৰকল্পৰ অধীনত কাম বিচাৰিবলৈ লৈছে সাধাৰণতে মাটি কটা আদি কামৰ এই প্ৰকল্পৰ অধীনত একোজন শ্রমিকে বছৰত এশদিনৰ কাম লাভ কৰিবলৈ সক্ষম হয় । কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে ঘোষণা কৰা তলাবন্ধৰ ফলত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আপোন ঘৰ খনলৈ উভতি অহাৰ কাৰণে প্ৰায় ৩০লাখ শ্ৰমিক পৰিয়াল কৰ্মহীন হৈ পৰিছে বুলি ইতিমধ্যে বাতৰি পৰিৱেশন কৰিছে সংবাদ মাধ্যমে ।

নিজ ৰাজ্যলৈ উভতি অহা শ্ৰমিক সকলক প্ৰায় প্ৰতিখন ৰাজ্য চৰকাৰেই মনৰেগাৰ অধীনত সংস্থানৰ বাট মুকলি কৰি দিয়াৰ বাবে আগবাঢ়িছে । অৱশ্যে বাস্তৱ ক্ষেত্ৰত পৰিভ্ৰমী শ্ৰমিক সকলতকৈ কাম হেৰুৱাই ঘৰলৈ ওভতা উচ্চ শিক্ষিতসকলে মনৰেগাত কাম বিচাৰি আবেদন কৰাৰ ঘটনাই এই ক্ষেত্ৰত সমস্যাৰ ভয়াবহতাকে দাঙি ধৰিছে । পৰিস্থিতি সম্প্ৰতি এনে হৈছেগৈ যে পূৰ্বে যদি দৈনিক মাত্ৰ ২০জনে মনৰেগাত কাম বিচাৰি আবেদন কৰিছিল তেন্তে সম্প্ৰতি শতাধিক মনৰেগাত কাম বিচাৰি আবেদন কৰিবলৈ লৈছে । উত্তৰ প্ৰদেশত সম্প্ৰতি মনৰেগাত কাম বিচৰাসকলৰ ভিতৰত এক পঞ্চমাংশই স্নাতক ডিগ্ৰীধাৰী যুৱক । স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱকেও মনৰেগাত কাম বিচাৰি ৰাজ্যখনলৈ আবেদন কৰিছে । স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱা সত্ত্বেও দিন হাজিৰাৰ কাম কৰিবলৈকো প্ৰস্তুত হৈছে যুৱক সকল । যোৱা এপ্ৰিলৰ সময়ৰে পৰা সমগ্ৰ দেশত মনৰেগাত শ্ৰমিক হিচাপে কাম বিচাৰি প্ৰায় ৩৫লাখ লোকে আবেদন কৰিছে ।

Exit mobile version