দৰিদ্ৰতা যে সফলতাৰ হেঙাৰ হ’ব নোৱাৰে তাৰেই প্ৰমাণ কৰিলে ইয়াহয়াই

doboka

এজন মেধাৱী ছাত্ৰ ৷ নাম ইয়াহয়া আহমেদ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে  দৰিদ্ৰতা যে সফলতাৰ হেঙাৰ হ’ব নোৱাৰে তাৰেই প্ৰামণ কৰিলে  ডবকাৰ ইয়াহয়াই ৷ কাৰণ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ইয়াহয়াই ৯১ শতাংশৰে উত্তীৰ্ণ হৈছে। আৰবীত ১০০ শতাংশ নম্বৰেৰে আটাইকেইটা বিষয়তে লেটাৰ নম্বৰেৰে ডবকাৰ শিক্ষানুষ্ঠান কৰ্ডবা স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে ইয়াহয়া । কিন্তু ইয়াহয়াৰ সফলতাৰ কাহিনী ইয়াতেই শেষ হোৱা নাই । কাৰণ ইতিমধ্যে ইয়াহয়াই মাত্ৰ আঠ বছৰ বয়সতেই কোৰানৰ  ৬৬৬৬টা আয়াত তথা সম্পূৰ্ণ ত্ৰিশটা পাৰা মুখস্থ কৰি  পেলাইছে ৷

সম্প্ৰতি  ইয়াহয়াৰ শিশুৰ পৰা কিশোৰলৈ বয়স বৃদ্ধিৰ সমান্তৰালকৈ তাৰ সপোনো আগবাঢ়িবলৈ ধৰিছে । ইয়াহয়াৰ বিশ্বাস যে এদিন পৃথিৱীৰ সৰ্ববৃহৎ সংবিধানখনো মুখস্থ কৰিব পাৰিব ৷ উল্লেখযোগ্য যে ইয়াহয়াৰ পিতৃ মৌলানা আব্দুচ চালানে এটা সৰু বেচৰকাৰী চাকৰি কৰি তেওঁলোকৰ পাঁচজনীয়া পৰিয়ালটি পোহপাল দি আছে ৷ গতিকে সীমিত উপাৰ্জনৰে পুত্ৰৰ সপোনবোৰ পূৰন কৰিব পাৰিবনে পিতৃ মৌলানা আব্দুচ ছালামে? অনাগত দিনত ইয়াহয়াৰ সপোনবোৰ পূৰণ কৰিবলৈ আগবাঢ়ি আহিবনে দল কিম্বা চৰকাৰৰ কোনো বিষয়া? এয়া এক বৃহৎ প্ৰশ্ন ৷

Exit mobile version