নিজৰ ম’বাইল ফোনত এইসমূহ অনধিকৃত  এপ্ নাৰাখিবলৈ গ্ৰাহকক সকীয়ালে ষ্টেট বেংকে

jpg 1

ম’বাইল  এপছৰ জৰিয়তে দিনক দিনে বৃদ্ধি পোৱা প্ৰৱন্চনা  আৰু জালিয়াতিৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ সৰ্ববৃহৎ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই) ই গ্ৰাহক সকলক সতৰ্ক হ’বলৈ আহ্বান জনালে । এক টুইটৰ জৰিয়তে এছ বি আইয়ে গ্ৰাহকসকলক নিজৰ ম’বাইল ফোনত অনাধিকৃত ম’বাইল এপ্ বৱহাৰ নকৰিবলৈ পৰামৰ্শ দিয়ে। এছ বি আয়ে কয় যে অধিকৃত ম’বাইল এপছ ব্যৱহাৰৰ জৰিয়তে এজন ব্যক্তি চাইবাৰ প্ৰবঞ্চনাৰ বলি হোৱাৰ শংকা বৃদ্ধি পায়। এনেধৰণৰ এপচে ম’বাইল  ফোনৰ পৰা কন্টেক্ট, পাছৱৰ্ড, ফাইনেন্সিয়েল একাউণ্টচ আদিৰ তথ্য অনুসৰি অতি সহজে চুৰি কৰিব পাৰে বুলি এছ বি আয়ে গ্ৰাহক সকলক সকীয়াই দিছে।

‘কিছুমান ম’বাইল এপ্লিকেচনে আপোনাৰ গোপনীয় তথ্যপাতি আহৰণ কৰিব পাৰে। এছ বি আয়ে আপোনাক ম’বাইল ফোনত এপচ বৱহাৰৰ সন্দৰ্ভত কিছু পৰামৰ্শ আগবঢ়াইছে।’ টুইটত এছ বি আয়ে এইদৰে ঘোষণা কৰি কয় যে গ্ৰাহকে সদায় ম’বাইলত ‘ভেৰিফাইদ এপ্’হে ডাউনলোড কৰি লোৱা উচিত। যিকোনো এপ ইনষ্টল কৰাৰ পূৰ্বে উক্ত এপ কোন কোম্পানীয়ে তৈয়াৰ কৰিছে আৰু ই ভেৰিফাইদ এপ হয় নে নহয় সেয়া পৰীক্ষা কৰি লোৱা জৰুৰী। যিকোনো এপক অনুমতি দিয়াৰ পূৰ্বে সাৱধান হওক। এপটোৱে বিচৰা ‘পাৰমিচন’ কিমান জৰুৰী সেইয়া বিবেচনা কৰি চাব লাগে।

যিকোনো এপৰ স’তে আপুনি ডেবিট বা ক্ৰেডিট কাৰ্ডৰ সবিশেষ ‘ছেভ’ নকৰিব। তদুপৰি স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে নিয়মীয়াকৈ আপডেট কৰা জৰুৰী। বিনামূলীয়া ক্ৰীণছেভাৰ বৱহাৰ কৰিব নালাগে কিয়নো এনেধৰণৰ এপ্ বৱহাৰ কৰাটো বিপদজনক। তদুপৰি ম’বাইল ফোনৰ গ্ৰাহকে ফৰৱাৰ্ড মেছেজত লাভ কৰা সন্দেহজনক লিংকত কেতিয়াওঁ ক্লিক কৰিব নালাগে বুলি এছ বি আয়ে গ্ৰাহক সকলক পৰামৰ্শ দিছে।

Exit mobile version