সচাকৈয়ে চীনক সহায় কৰিব নেকি বলীউডৰ অভিনেতা চনু সুডে?

sonu sood

বলীউডৰ অভিনেতা চনু সুডে তলাবন্ধৰ সময়ছোৱাত প্ৰবাসী শ্ৰমিকসকলৰ ক্ষেত্ৰত দেখুওৱা মহানুভৱতাৰ কাৰণে চৰ্চাত আছে ৷ কেৱল দিল্লী মুম্বাইতে নহয় চনু সুডে ইতিমধ্যে অসমলৈ বহিঃৰাজ্যত আৱদ্ধ লোকসকলক প্ৰেৰণ কৰিছে ৷ সকলো লোকেই এতিয়া টুইটাৰৰ জৰিয়তে চনু সুডৰ লগত কথোপকথন কৰিবলৈ সুবিধা পাইছে ৷ ইফালে সাম্প্ৰতিক সময়ত ভাৰত আৰু চীনৰ মাজত চলি আছে এখন শীতল যুদ্ধ । ঠিক সেই সময়তে এজন লোকে ভাৰতৰ সীমান্তত থকা চীনা সৈন্যক ঘৰলৈ পঠাবলৈ অনুৰোধ কৰাত চনু সুডে ধেমেলীয়া সুৰত চীনা সৈন্যৰ ঠিকনা দিবলৈ আহ্বান কৰে ।

আনহাতে চনু সুডৰ চীনা লোকক লৈ কৰা টুইট সম্প্ৰতি ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে ৷ চনুৰ এজন অনুৰাগীয়ে লিখিছে “চনুক লাডাখলৈ প্ৰেৰণ কৰিব লাগে তেওঁ চাইনীজ লোকসকলক সুৰক্ষিতভাৱে ঘৰলৈ প্ৰেৰণ কৰিব ৷ ইয়াৰ পিছতে চনু সুডে ধেমেলীয়াভাৱে টুইট কৰে “চাইনীজ লোকসকলৰ সম্পূৰ্ণ ঠিকনা দিয়ক ৷” চনু সুডে এই সমগ্ৰ বিষয়টোক ধেমালিতে ক’লেও কিন্তু সকলোৱে চনু সুডৰ এই ধেমালিক আদৰি লৈছে ৷

Exit mobile version