হাইলাকান্দি জিলাৰ শিক্ষা বিভাগত ২০ কোটি টকাৰ আৰ্থিক কেলেংকাৰী

durniti

হাইলাকান্দি জিলাৰ শিক্ষা বিভাগত সংঘটিত হৈছে এক বৃহৎ আৰ্থিক কেলেংকাৰী । ২০১৮-১৯ আৰু ২০১৯-২০ শিক্ষা বৰ্ষত সংখ্যালঘু প্ৰিমেট্ৰিক ছাত্ৰ বৃত্তি প্ৰদানৰ নামত সংঘটিত হৈছে প্ৰায় ২০ কোটি টকাৰ আৰ্থিক অনিয়ম । এই সন্ধৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে হাইলাকান্দি সদৰ থানাত ৰুজু কৰিছে এটা গোচৰ। জিলাখনৰ বিদ্যালয় পৰিদৰ্শক ৰাজীৱ কুমাৰ ঝাৰ নেতৃত্বত সংঘটিত হৈছে এই কেলেংকাৰি। একাংশ ৰাষ্ট্ৰায়ত্ব ব্যাঙ্কৰ চিএচপি’ৰ সহযোগত আইএচ ৰাজীব ঝা আৰু তেওঁৰ সহযোগী ৰাজেশ পালে হাইলাকান্দি জিলাত ভুৱা বিদ্যালয় আৰু ভুৱা ছাত্ৰী দেখুৱাই লুটি নিছে ২০ কোটি টকা ।

এনে বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে জিলাৰ বিভিন্ন দল সংগঠন । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক জহিৰ উদ্দিন লস্কৰে হাইলাকান্দি সদৰ থানাত ৪৬৭/২০ নম্বৰত আৰু ভাৰতীয় দণ্ড বিধিৰ ১২০, ৪০৯, ৪৬৮, ৪৭০, ৪২০আৰু ৪৭১ ধাৰাত এটা গোচৰ ৰজু কৰিছে । AJYCPৰ হাইলাকান্দি জিলা সমিতি সহ বিধায়ক আনোৱাৰ হুচেইন লস্কৰেও এই কেলেংকাৰীৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে।

Exit mobile version