আবেদন দাখিলৰ শেষ সীমা ৩০ জুন ধার্য

Online admissions comp 600 1

 

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চলিত শিক্ষাবর্ষত অনলাইন পদ্ধতিৰে সম্পন্ন হ’ব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া। তাৰ বাবে শিক্ষানুষ্ঠান সমূহক ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে প্ৰস্তুত কৰা নিৰ্দিষ্ট পৰ্টেলটো অহা ১৫ জুনৰ পৰা ২০ জুনৰ ভিতৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা বৰ্ডৰ ৱেবচাইটত লগইনৰ জৰিয়তে পঞ্জীয়নৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। শিক্ষা বিভাগৰ এক সূত্ৰই বুধবাৰে এই কথা সদৰী কৰি জনোৱা মতে, ৰাজ্যত বৰ্তমানো হ্ৰাস পোৱা নাই কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতা । ইয়াৰ বাবে উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য আৰু কাৰিকৰী শাখাৰ প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া অনলাইন পদ্ধতিৰে সম্পন্ন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে পি এম এ (এছ) ৯৩/২০১৬/পিটিচন/১২৩ নম্বৰ যোগে জাৰি কৰা অধিসূচনাৰ জৰিয়তে নিৰ্দেশ দিয়ে।

উক্ত নিৰ্দেশনা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা মহাবিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, চিনিয়ৰ মাধ্যমিক বিদ্যালয়কে ধৰি আন আন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে নামভৰ্তিৰ বাবে প্ৰস্তুত কৰা নিৰ্দিষ্ট পৰ্টেলটো ছেবাৰ https://sebaonline, org শীৰ্ষক ৱেবচাইটত অহা ১৫ জুনৰ পৰা ২০ জুনৰ ভিতৰত ছাত্র ছাত্ৰী সকলে প্ৰয়োজনীয় নথি সহ নামভৰ্তিৰ বাবে প্ৰপত্ৰ দাখিল কৰিব। অহা ৩০ জুনত অন্ত পৰিব প্ৰপত্ৰ দাখিল কৰা প্ৰক্ৰিয়া আৰু সিদিনাই সংশ্লিষ্ট পৰ্টেলটো বন্ধ কৰি দিব সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহে। একেদৰে পহিলা জুলাইত সংশ্লিষ্ট শিক্ষানুষ্ঠান সমূহে মেধাৰ ভিত্তিত নামভৰ্তিৰ বাবে বাছনি লাভ কৰা ছাত্ৰ ছাত্ৰীৰ তালিকা প্ৰকাশ কৰিব। এই ক্ষেত্ৰত অৱশ্যে শিক্ষানুষ্ঠানসমূহে নামভৰ্তিৰ বাবে নিজাববীয়া প’ৰ্টেল ব্যৱহাৰো কৰিব পাৰিব।

Exit mobile version