জুই নুমাবলৈ লাগিব ২১ দিন

WhatsApp Image 2020 06 09 at 2.13.47 PM

ক্ৰমাৎ সংকুচিত হৈছে বাঘজানৰ তৈলখাদত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ড ৷ বুধবাৰে বিয়লি ১.১৪ ত গুজৰাটৰ জন এনাৰ্জী নামৰ ড্ৰিলিং কোম্পানীটোৰ তত্ত্বাৱধানত থকা অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানৰ বি জি আৰ পাঁচ নম্বৰ তৈলখাদত সংঘটিত অগ্নিকাণ্ডৰ লেলিহান শিখাই ভয়াৱহ ৰূপ ধাৰণ কৰি এক বৃহৎ অঞ্চল নিঃশেষ কৰি পেলায় । কিন্তু ক্ৰমাৎ সংকুচিত হ’বলৈ ধৰিছে জুই ৷ তাৰ মাজতে সন্ধানহীন হৈ আছিল দুজনকৈ কৰ্মচাৰী । ইয়াৰ পিচত সন্ধানহীন মৃতদেহ পোৱা যায় বুধবাৰে পুৱা। নিহত কৰ্মচাৰীদ্বয় ক্ৰমে দুৰ্লভ গগৈ(৪০)আৰু টিখেশ্বৰ গোহাঁই (৫৫) ৷ দুয়োজন অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনীত কৰ্মৰত আছিল ।

ইফালে অগ্নিকাণ্ডটোত আঘাতপ্ৰাপ্ত হৈছে অইল আৰু অ’এন জি চিৰ দুজনকৈ মুঠ চাৰি জন কৰ্মচাৰী ৷ উল্লেখযোগ্য যে ২৭ মে’ত এই তৈলখাদটোৰ পৰা হোৱা এক বিষ্ফোৰণত কূপৰ পৰা অহৰহ গেছ আৰু তেল নিৰ্গত হয় । ইয়াক নিয়ন্ত্ৰণৰ বাবে ছিংগাৰপুৰৰ পৰা অহা বিশেষজ্ঞৰ দলৰ নিৰ্দেশমৰ্মে প্ৰয়োজনীয় কাম কাজ চলাই থকা অৱস্থাত হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু এক ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হয় । কোনোমতে প্ৰাণ ৰক্ষা পৰা এজন কৰ্মচাৰীৰ ভাষ্য অনুসৰি তেওঁলোকে সেই সময়ত আহাৰ খাবলৈ বহিছিল । আৰু তেনে সময়তে এক প্ৰচণ্ড শব্দৰে অঞ্চলতো আগুৰি ধৰে ৷ সেই সময়ত একো উৱাদিহ নাপাই কে’বাজনো কৰ্মচাৰীয়ে ওচৰতে থকা পুখুৰীৰ ফালে দৌৰ মাৰে ৷ ইতিমধ্যে মৃতদেহ উদ্ধাৰ হোৱা কৰ্মচাৰী কেইজনো হয়তো পুখুৰীত জাপ দিছিল বুলি সদৰী কৰে কৰ্মচাৰীজনে ।

ইপিনে ১৪ টা বাসগৃহসহ আঠটা পানী পাম্প ভস্মীভূত হয় বাঘজান অগ্নিকাণ্ডত ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদৰী কৰি অনুসৰি বাঘজানৰ তৈলখাদত সংঘটিত অগ্নিকাণ্ডৰ জুই নিৰ্বাপিতা কৰিবলৈ প্ৰায় ২১ দিনৰ প্ৰয়োজন হ’ব । লগতে কয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সকলো ধৰণৰ প্ৰস্তুতি কৰা হৈছে । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপৰিও ৰামেশ্বৰ তেলী, ছিংগাপুৰৰ বিশেষজ্ঞৰ দলেও ঘটনাস্থলী পৰিদৰ্শন কৰে । আনহাতে অগ্নিকাণ্ডটোৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সাত হেজাৰ লোক । ১২টাকৈ আশ্ৰয় শিবিৰত লোকসকলক আশ্ৰয় প্ৰদান কৰি থকা হৈছে  ৷

Exit mobile version