তামুলপুৰত অভিযোগ প্ৰতি অভিযোগত ব্যস্ত বিপিএফৰ নেতা কৰ্মী

IMG 20200611 WA0087

আজি তামুলপুৰ প্ৰেছ ক্লাৱত তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা বিপিএফৰ সাধাৰণ সম্পাদক ইমানুৱেল ম’ছাহাৰীয়ে এক সংবাদ মেলৰ আয়োজন কৰে ৷ সংবাদ মেল সম্বোধন কৰি তেওঁ কয় –  “মই স্পষ্ট ভাষাত কৈছো, মই আৰু বিপিএফত নাই। আজিৰ দিনত মই বিপিএফ দলৰ হৈ কাম কৰি থকাও নাই । বিপিএফ দলৰ যি সকল বিৰোধী প্ৰাৰ্থী আছে তেওঁলোকক জয়ী কৰাবলৈ মই  কাম কৰি আছো । কিন্তু মই কেতিয়াও বিজেপি দলত যোগদান কৰা বুলি কোৱা নাই।” বিপিএফ  দলৰ মুৰব্বীসকলে সংবিধান অমান্য কৰাৰ অভিযোগ আনি তেওঁ কয় যে যোৱা জানুৱাৰী মাহৰ ২৬ তাৰিখৰ  পৰা বিগত পাঁচ মাহে  দলৰ বিৰুদ্ধে কাম কৰা আৰু দলে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ পিছতো দলক অৱজ্ঞা কৰি থকা  তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীক তামুলপুৰ জিলা বিপিএফে  কিয় পুনৰ দলত আকোৱালি ল’লে এইয়া এক বৃহৎ প্ৰশ্ন।

তামুলপুৰত ৯ জুনত সাংবাদমেলযোগে ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে ইমানুৱেল মোছাহাৰীক বিপিএফ দলৰ হৈ কাম কৰাৰ আহ্বান জনোৱা সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত ম’ছাহাৰীয়ে কয় যে এতিয়া বহুত পলম হৈ গ’ল। প্ৰসংগক্ৰমে তেওঁ কয় যে ২০০৬ চনত তামুলপুৰ বিধান সভা সমষ্টিত বিধানসভাৰ নিৰ্বাচনত  বিশ্বজিত দৈমাৰীৰ বিৰুদ্ধে এতিয়াৰ বিপিএফ নেতা চণ্ডী বসুমতাৰীক ব্লেক টিকট দিয়া হৈছিল বাবে তেতিয়াই বিপিএফ দলৰ দ্বাৰা বিশ্বজিত দৈমাৰী ষড়যন্ত্ৰৰ বলি হৈছিল। একাংশ বিপিএফ নেতাই ইমানুৱেল ম’ছাহাৰীক সুবিধাবাদী ৰাজনীতি কৰা সন্দৰ্ভত তেওঁ স্পষ্ট কৰি দি প্ৰশ্ন কৰে যে সুবিধাবাদীৰ ৰাজনীতি কোনে কৰা নাই ? বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও কেতিয়াবা কংগ্ৰেছ, কেতিয়াবা বিজেপিৰ লগত থাকি সুবিধাবাদী ৰাজনীতি কৰি আহিছে । বিপিএফ দলটোই সুবিধাবাদীৰ দল বুলি হাগ্ৰামা মহিলাৰীয়ে ৰাজহুৱা ভাৱে কয় ৷

বিগত সময়চোৱাত মোক তিনিবাৰ লেং মাৰিছে। এতিয়া আৰু লেং মাৰিব দিব নোৱাৰো । প্ৰমীলাৰাণী ব্ৰহ্মৰ প্ৰসংগ টানি আনি তেওঁ কয় যে এইবাৰ বিটিচি নিৰ্বাচনত প্ৰমীলাৰাণী ব্ৰহ্মই পক্ষপাতিত্ব কৰিছে। তামুলপুৰত বিপিএফৰ নটা প্ৰাথমিক গোটৰ ভিতৰত আঠোটাকৈ প্ৰাথমিক গোটে বিচৰা প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান নকৰি প্ৰমিলাৰানীয়ে নিজৰ খুচি মতে তেওঁৰ পচন্দৰ প্ৰাৰ্থী নিৰ্বাচন কৰিছে বুলিও অভিযোগ উত্থাপন কৰে বিধায়ক ম’ছাহাৰীয়ে ৷  দলৰ হৈ কাম নকৰাৰ পিচতো  কিয় পদত্যাগ কৰা নাই বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় “মই আজিৰ দিনত পদত্যাগ কৰিব নোৱাৰো। দলে মোক বহিস্কাৰ কৰক, মই অনুৰোধ জনাইছোঁ। যদি মোক দলে বহিস্কাৰ কৰে  মই ধন্যবাদ জনাম আৰু পৰৱৰ্তী সময়ত পছন্দৰ দলত যোগদান কৰিম”৷

শেহতীয়াকৈ ৰিহণ দৈমাৰী, চন্দন ব্ৰহ্মকে আদি কৰি  কেইবাগৰাকীও জ্যেষ্ঠ বিপিএফৰ মন্ত্ৰী বিধায়কে  বিপিএফ দল ত্যাগ কৰাৰ কথা সংবাদ মাধ্যমত চৰ্চা হৈ থকা সম্পৰ্কত সোধা এক প্ৰশ্নৰ উত্তৰত ম’ছাহাৰীয়ে কয়” মই তেওঁলোকৰ কথা নাজানো । প্ৰাক্তন এগৰাকী বিধায়ককে ধৰি বহু নেতাই দল ত্যাগ কৰি বিজেপিলৈ আহিবলৈ  সাজু হৈ  আছে যদিও মই কাকো একো অনুৰোধ কৰা নাই। বিপিএফ দলত সম্প্ৰতি সংবিধান বুলি একো নাই, কোনো ধৰণৰ অনুশাসন নাই ৷ দলৰ এজন জেষ্ঠ নেতা হিচাপে দলৰ কিছুমান নেতা কৰ্মীৰ ব্যৱহাৰত মই দুখ পাইছো ৷ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰো কথা নুশুনা একাংশ নেতা কৰ্মীৰ বাবেই এতিয়া বিপিএফ দলত গৰাখহনীয়া আৰম্ভ হৈছে ৷ ২০১০, ২০১১ আৰু ২০১৬ চনত দলৰ বিৰোধিতা কৰা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক সমালোচনা কৰা লোকক প্ৰাৰ্থীত্ব দি বিপিএফৰ প্ৰাথমিক গোট সমূহক সন্মান নজনাই এতিয়া সেই সকল লোকক দলে আদৰণি জনালে বুলিও সংবাদ মেলত  ইমানুৱেল ম’ছাহাৰীয়ে ক্ষোভ প্ৰকাশ কৰে।

আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত ২৭নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত মিত্ৰজোঁট বিজেপি দলৰ প্ৰাৰ্থী থকাৰ পিছতো, মাজে মাজে কংগ্ৰেছ, অবড়ো, বিজেপিয়ে কৰা আৰু কিছুদিন আগতে বিজেপি দলৰ পৰা বহিষ্কৃত হোৱা ৰবীন্দ্ৰ বিশ্বাসক বিপিএফ দলৰ পৰা ব্লেক টিকট দিয়াৰ গুৰুতৰ অভিযোগ আনে বিপিএফৰ সাধাৰণ সম্পাদক তথা বিধায়ক ইমানুৱেল ম’ছাহাৰীয়ে।সংবাদমেল যোগে  ম’ছাহাৰীয়ে কয় যে তেওঁ যিহেতু বিপিএফ দলত নাই বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে তাৰ পিচত দলৰ একাংশ নেতা কৰ্মীয়ে তেওঁ দল বিৰোধী কাম কাজত জড়িত হোৱা  দলৰ বাবে কোনো ফেক্টৰ নহয় বুলি কৈ থকা কথাবোৰ অতি হাস্যকৰ ৷ বহু কষ্টেৰে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ অনুৰোধত দলৰ ভেঁটি শক্তিশালী কৰিছিল ৷ কিন্তু এচাম সুবিধাবাদী নেতাৰ বাবে দলটোৰ পৰা ওলায় আহিবলৈ বাধ্য হ’ল বুলি সংবাদমেলত মত পোষণ কৰি বিধায়ক ম’ছাহাৰীয়ে কয় অদূৰ ভৱিষ্যতে যি কৰিম তামুলপুৰবাসীৰ লগতে বিটিচিবাসীৰ ভালৰ বাবেই কৰিম ৷

Exit mobile version