নিয়ন্ত্ৰণ ৰেখাৰ পৰা সেনা প্ৰত্যাহাৰ আৰম্ভ

ভাৰত আৰু চীনৰ মাজত লাডাখক লৈ অব্যাহত থকা সংঘাত শেহতীয়াভাৱে কিছু উপশম ঘটিবলৈ ধৰিছে । লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত আৰু চীন উভয়ে সেনা নিয়োগ কৰিছিল যদিও মংগলবাৰে গলৱান উপত্যকাৰ বিবদমান অঞ্চলৰ পৰা নিজৰ সেনাবাহিনীক কে’বা কিলোমিটাৰ পিছুৱাই নিয়ে ৷ইয়াৰ পাছতে নিয়ন্ত্ৰণ ৰেখাৰ পৰা ভাৰতীয় সেনায়ো পিছুৱাবলৈ আৰম্ভ কৰে ।বিগত কে’বাদিনত ভাৰত আৰু চীনৰ মাজত সামৰিক আৰু কুটনৈতিক পৰ্যায়ত একাধিক বৈঠক অনুষ্ঠিত হৈছিল । ইয়াৰ পৰিণতিতে সীমান্তত সম্প্ৰতি উত্তেজনা হ্ৰাস পাবলৈ ধৰিছে ৷বিগত মে’ৰ মাজভাগৰ পৰাই উত্তপ্ত হৈ উঠিছিল ভাৰত চীন সীমান্ত।

ছিকিমৰ সংঘাতৰ পাছত লাডাখৰ গলয়ান উপত্যকাসহ একাধিক অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা চীনে উলংঘণ কৰাৰ পাছতে ভাৰত আৰু চীনৰ মাজত সংঘাত বৃদ্ধি পাইছিল। ভাৰত চীনৰ উত্তপ্ত পৰিস্থিতিৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পসহ একাধিক আন্তৰ্জাতিক নেতাই উদ্বেগ প্ৰকাশ কৰিছিল ৷কূটনৈতিক প্ৰক্ৰিয়াৰ জৰিয়তে উভয় দেশে এই সংঘাত হ্ৰাস কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ পাছত যোৱা ছয় জুনত চীন ভাৰতৰ সেনাবাহিনীৰ শীৰ্ষ বিষয়াই বৈঠকত অংশ লৈছিল ৷ এনে বৈঠকৰ পাছতে বিবাদমান অঞ্চলৰ পৰা চীন ভাৰত উভয়ে নিজৰ সেনাবাহিনীক তিনি চাৰি কিলোমিটাৰপিছুৱাই নিয়ে ৷ অৱশ্যে দেশে সেনাক পিছুৱাই নিলেও বিবদমান অঞ্চলত অতিৰিক্ত যি বাহিনী নিয়োগ কৰিছিল,সেয়া সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা নাই বুলি ৰাষ্ট্ৰীয় সংবাম মাধ্যমত প্ৰকাশ।

Exit mobile version