আপোনাৰ কাৰ্ডখন সুৰক্ষিত নে ?

pan card

পান কাৰ্ডৰ স’তে আধাৰ নম্বৰ সংযোগকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অহা ৩০জুনলৈকে সময় বান্ধি দিছে । এই সময়সীমাৰ ভিতৰত পান আৰু আৰু আধাৰক পৰস্পৰৰে সংযুক্ত নকৰিলে তেনে পানকাৰ্ড অচল হ’ব । পূৰ্বে পান আৰু আধাৰ সংযোগকৰণৰ বাবে অন্তিম সময়সীমা ৩১মাৰ্চ নিৰ্ধাৰণ কৰা হৈছিল । কিন্ত দেশজুৰি হোৱা তলাবন্ধৰ ফলত এই সময়সীমা কেন্দ্ৰীয় চৰকাৰে অহা ৩০ জুনলৈকে বৃদ্ধি কৰে । পুৰণি পানকাৰ্ডৰ ক্ষেত্ৰত উক্ত সময়সীমাৰ ভিতৰত আধাৰৰ স’তে সংযোগ কৰিব লাগিব । আনহাতে, নতুন পানকার্ডৰ ক্ষেত্ৰত আধাৰ নম্বৰ বাধ্যতামূলক ঘোষণা কৰা হৈছে । এজন ব্যক্তিৰ নামত একাধিক পানকার্ড থকাৰ দৰে দুৰ্নীতি ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পান আৰু আধাৰৰ সংযোগী কৰণৰ এই ব্যৱস্থা গ্ৰহণ কৰিছে ।

নিৰ্দিষ্ট সময়ৰ ভিতৰত পান আৰু আধাৰ কাৰ্ডৰ সংযোগ নকৰিলে তেনে কাৰ্ডসমূহ বাতিল কৰা হ’ব । যিসকল ব্যক্তিয়ে এতিয়াও পান আৰু আধাৰৰ সংযোগ কৰা নাই, তেওঁলোকে দুটা পদ্ধতিৰে সহজে এই কাম সমাপন কৰিব পাৰিব । ডব্লিউ ডব্লিউ ডব্লিউ ইনকাম টেক্স ইণ্ডিয়া ই ফাইলিং.গভ.ইন ৱেবছাইট ভিজিট কৰি পঞ্জীয়নৰ পাছত লিংক আধাৰত ক্লিক কৰক । ইয়াৰ পাছত পান আৰু আধাৰ কৰ্তৃপক্ষই ভেৰিফিকেচনৰ পাছত আপোনাক সবিশেষ অৱগত কৰিব । আনহাতে, এছ এম এছৰ জৰিয়তেও আধাৰৰ স’তে যুক্ত ম’বাইল নম্বৰৰ পৰা ৫৬৭৬৭৮ বা ৫৬১৬১ নম্বৰলৈ বাৰ্তা প্ৰেৰণ কৰি আধাৰ আৰু পানকাৰ্ডৰ সংযোগকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব ।

Exit mobile version