কৰ’না ভাইৰাছৰ আতংকই উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ নামভৰ্তিত বিৰূপ প্ৰভাৱ পেলাইছে

college admissions 2

ভৱিষ্যতৰ অলেখ ৰঙীণ সপোন বুকুত বান্ধি লৈ ৰাজ্য খনৰ বিভিন্ন জিলাৰ পৰা প্ৰতি বছৰেই হেজাৰ হেজাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে ঢাপলি মেলে কলংপাৰৰ বৌদ্ধিক চহৰ নগাঁৱলৈ । অথচ বিগত ১০-১৫ বছৰৰ আগলৈকে ৰাজ্যৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সপোনৰ শিক্ষানুষ্ঠান খন আছিল গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠান। অৱশ্যে সময়ৰ আহ্বানত বিগত কেইটামান বছৰৰ পৰা ৰাজ্যৰ অগণন মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক শ্ৰেণীত অধ্যয়ণৰ বাবে নগাঁও চহৰৰ একাংশ জুনিয়ৰ কলেজকহে বাচনি কৰি অহা পৰিলক্ষিত হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বেই অনেক ছাত্ৰ-ছাত্ৰীয়ে নগাঁও চহৰৰ সেই বিশেষ শিক্ষানুষ্ঠান সমূহত নামভৰ্তিৰ সপোন দেখে। মেধাৱী ছাত্র-ছাত্ৰীৰ লক্ষ্য নগাঁও হৈ পৰাৰ অন্যতম কাৰণ নগাঁৱস্থ সপোনৰ শিক্ষানুষ্ঠান সমূহৰ ঈৰ্ষণীয় ফলাফল, স্হান লাভৰ ধাৰাবাহিকতা।

ৰাজ্য খনৰ ভিন্ন প্ৰান্তৰ যি সকল মেধাৱী ছাত্র-ছাত্ৰীয়ে নগাঁও চহৰত থাকি চহৰ খনৰ শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিক শ্ৰেণীত পঢ়াৰ সপোন পুহি ৰাখিছে সেই মেধাৱী ছাত্র-ছাত্ৰী সকলৰ মুখে মুখে উচ্চাৰিত হৈ আহিছে ৰামানুজন জুনিয়ৰ কলেজ, কনচেপ্ট জুনিয়ৰ কলেজ, মেট্ৰিক্স জুনিয়ৰ কলেজ, ৰেণেছাঁ জুনিয়ৰ কলেজ, গীতাঞ্জলী জুনিয়ৰ কলেজ, আলফা বিটা জুনিয়ৰ কলেজ, দ্ৰোণাচাৰ্য জুনিয়ৰ কলেজ, কলংপাৰ জুনিয়ৰ কলেজ, ভাৰতী বিদ্যাপীঠ, কলং কপিলী জুনিয়ৰ কলেজ আদিৰ নাম । উল্লেখ্য যে, নগাঁৱত দুকুৰি খনৰো জুনিয়ৰ কলেজ আছে বিগত বৰ্ষ সমূহৰ নিচিনাকৈ এইবাৰ নগাঁও চহৰৰ জুনিয়ৰ কলেজলৈ উচ্চতৰ মাধ্যমিক শ্ৰেণীত নাম ভৰ্তিৰ বাবে অগণন মেধাৱী ছাত্ৰ-ছাত্ৰীৰ ঢল বোৱা পৰিলক্ষিত হোৱা নাই। প্ৰধানতঃ অতিমাৰী কৰ’না ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিততেই নগাঁও চহৰলৈ অন্য জিলাৰ পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ নামভৰ্তি কৰিবলৈ জুনিয়ৰ কলেজ সমূহলৈ ছাত্ৰ-ছাত্ৰীৰ বোৱা সোঁতৰ ধাৰ এইবাৰ যথেষ্ট খিনি হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।

অধিকাংশ অভিভাৱকেই নিজৰ সন্তানক ঘৰৰ পৰা বহু নিলগত ৰাখি পঢ়াবলৈ আগ্ৰহী নহয়। যাৰ ফলত এইবাৰ নগাঁও চহৰৰ নামজ্বলা জুনিয়ৰ কলেজ সমূহলৈ বহিঃ জিলাৰ পৰা আগৰ দৰে বিদ্যাৰ্থী অহাৰ সম্ভাৱনাও ক্ষীণ হৈ পৰিছে। আনহাতে,ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা সাত জুনত এক সংবাদমেলত এইবাৰ উচ্চতৰ মাধ্যমিকৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ চৰকাৰী খণ্ডৰ যিকোনো শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰা বিষয়টোৱেও নগাঁৱৰ একাংশ জুনিয়ৰ কলেজত সমস্যাৰ সৃষ্টি কৰিছে। দুখীয়া পৰিয়ালৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই এইবাৰ নগাঁও কলেজত নামভৰ্তি কৰিবলৈ আগ্ৰহী হৈ পৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, নগাঁও কলেজত উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ কলা শাখাত মুঠ আসনৰ সংখ্যা ৫৫০ আৰু বিজ্ঞান শাখাত ৩০০। এই পৰ্যন্ত মহাবিদ্যালয় খনত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই।

ইপিনে, সাম্প্ৰতিক পৰিস্থিতিত চহৰ খনৰ একাংশ জুনিয়ৰ কলেজত এই পৰ্যন্ত নামভৰ্তিয়েই আৰম্ভ হোৱা নাই। আনকি একাংশ জুনিয়ৰ কলেজৰ কৰ্তৃপক্ষই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা একাংশ ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ নাম ভৰ্তিৰ বাবে অনুৰোধ জনাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে । নিজৰ কলেজত নাম ভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী আনিবৰ বাবে একাংশ জুনিয়ৰ কলেজে এজেন্টক কমিচন দি নিয়োগ কৰা বুলিও জানিব পৰা গৈছে। অৱশ্যে চহৰ খনৰ ৰামানুজন জুনিয়ৰ কলেজ, মেট্ৰিক্স জুনিয়ৰ কলেজ, কনচেপ্ট জুনিয়ৰ কলেজ, ৰেণেছাঁ জুনিয়ৰ কলেজ, গীতাঞ্জলি জুনিয়ৰ কলেজ প্ৰমুখ্যে স্থান লাভৰ কৃতিত্ব দেখুওৱা একাংশ জুনিয়ৰ কলেজত চৰকাৰী ঘোষণাৰ কোনো ধৰণৰ বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই। অৱশ্যে এই নামজ্বলা জুনিয়ৰ কলেজ কেইখনৰ লগতে আন বহু জুনিয়ৰ কলেজে কৰ’না ভাইৰাছৰ আতংক, দীঘলীয়া তলাবন্ধ, শিক্ষানুষ্ঠান সমূহ খোলাৰ সন্দৰ্ভত চৰকাৰৰ অস্পষ্ট ভূমিকাৰ দুৰ্ভোগ ভুগিব লগা হোৱা বুলি জানিব পৰা গৈছে । নগাঁও চহৰৰ ৰামানুজন জুনিয়ৰ কলেজৰ অনলাইন ব্যৱস্থাৰে উচ্চতৰ মাধ্যমিক শ্ৰেণীত নাম ভৰ্তি চলি আছে।

আনহাতে, অতি মেধাৱী ছাত্ৰ ছাত্ৰী সকলক ষ্পট এডমিচন দিয়াৰ ব্যৱস্থা কৰা হৈছে। জুনিয়ৰ কলেজখনত উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক বিজ্ঞান আৰু কলা শাখাৰ নাম ভৰ্তি অহা ১৫ জুনত সম্পন্ন হ’ব। জুনিয়ৰ কলেজ খনৰ অধ্যক্ষ দিলীপ বৰাই প্ৰকাশ কৰা মতে, ৰামানুজন জুনিয়ৰ কলেজৰ কলা শাখাত আসনৰ সংখ্যা ৩০০আৰু বিজ্ঞান শাখাত ৫০০। কলা শাখাত নাম ভৰ্তি মাছুল ১৫হেজাৰ টকা আৰু বিজ্ঞান শাখাত ২৫ হেজাৰ টকা নিৰ্ধাৰণ কৰা হৈছে। জুনিয়ৰ কলেজ খনত নামভৰ্তিৰ ক্ষেত্ৰত কৰ’না ভাইৰাছৰ আতংকৰ বাবে কেৱল কলা শাখাতহে কিছু প্ৰভাৱ পৰিছে যদিও বিজ্ঞান শাখাত কোনো বিৰূপ প্ৰভাৱ পৰা নাই। জুনিয়ৰ কলেজ খনে এইবাৰ আৰ্থিক ভাৱে দুর্বল পৰিয়ালৰ দহ গৰাকী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ নামভৰ্তি কৰাৰ সুবিধা দিব বুলিও তেওঁ জনায়। আনহাতে কনচেপ্ট জুনিয়ৰ কলেজৰ অধ্যক্ষ মৃণাল বেজবৰুৱাৰ পৰা জানিব পৰা মতে, কৰ’না ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত এইবাৰ শিক্ষানুষ্ঠানত খনৰ নামভৰ্তিত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।

জুনিয়ৰ কলেজ খনত উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক কলা শাখাত দুশ আসন আৰু বিজ্ঞান শাখাত ২৫০খন আসন আছে। কলা শাখাত নামভৰ্তিৰ মাছুল দহ হেজাৰ টকা আৰু বিজ্ঞান শাখাত ২০হেজাৰ টকা ধাৰ্য কৰা হৈছে। জুনিয়ৰ কলেজ খনত অনলাইন আৰু ষ্পট এডমিচন চলি আছে যদিও নামভৰ্তি হ’ব ১১, ১২ আৰু ১৩ জুনত। আনহাতে,চহৰখনৰ ৰেণেছাঁ জুনিয়ৰ কলেজৰ অধ্যক্ষ পাৰ্থজিৎ বৰুৱাই প্ৰকাশ কৰা মতে, জুনিয়ৰ কলেজ খনত নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ দি থকা হৈছে যদিও নামভৰ্তিৰ তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই। কলা শাখাত ১৫০খন আসন আৰু বিজ্ঞান আৰু বাণিজ্য উভয় শাখাত ১০০খন আসন সমৃদ্ধ জুনিয়ৰ কলেজ খনত কলা শাখাত নামভৰ্তিৰ বাবে ১৪হেজাৰ টকা, বিজ্ঞান শাখাত ১৬হেজাৰ টকা আৰু বাণিজ্য শাখাত ১৪হেজাৰ টকা ধাৰ্য কৰা হৈছে।

কৰ’নাৰ আতংকৰ পৰিপ্ৰেক্ষিতত জুনিয়ৰ কলেজ খনত নামভৰ্তিৰ ক্ষেত্ৰত বিশেষ ভাৱে সমস্যাৰ সৃষ্টি হোৱা বুলিও বৰুৱাই কয়। চহৰ খনৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ জুনিয়ৰ কলেজৰ অধ্যক্ষ জাকিৰ হুচেইনে প্ৰকাশ কৰা মতে, কৰ’নাতংকৰ বিৰূপ প্ৰভাৱ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শ্ৰেণীৰ নামভৰ্তিত পৰিছে।পূৰ্বৰ দৰে এইবাৰ নামভৰ্তিৰ হাৰ আশাব্যঞ্জক নহয় বুলি তেওঁ কয় । কলা শাখাত ১৪০ আৰু বাণিজ্য শাখাত ৬০খন আসন থকা জুনিয়ৰ কলেজ খনৰ নামভৰ্তিৰ মাছুল সাত হেজাৰ টকালৈ হ্ৰাস কৰা হৈছে।

Exit mobile version