ভাৰতীয়ক উদ্বিগ্ন কৰি এইচ ৱান বি ভিছা বন্ধ ৰখাৰ পোষকতা ট্ৰাম্পৰ

images 4

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছত সমগ্ৰ বিশ্বতে নিবনুৱাৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ৷এনে পৰিস্থিতিতে এক কঠোৰ সিদ্ধান্ত ল’বলৈ যো জা চলালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে এইচ ৱান বিসহ আমেৰিকাত কৰ্মসংস্থাপন লাভৰ স’তে জড়িত সকলো ধৰণৰ ভিছা প্ৰদান সাময়িকভাৱে বন্ধ ৰখাৰ পোষকতা কৰিছে ।

ট্ৰাম্পে প্ৰশাসনৰ যুক্তি অনুসৰি এইসমুহ ভিছা বন্ধ ৰাখিলে আমেৰিকাত কৰ্ম সংস্থাপনহীনতাৰ সমস্যাটো কিছু হ’লেও হ্ৰাস পাব ৷প্ৰকাশিত বাতৰি অনুসৰি নতুন বিত্তীয় বৰ্ষ আৰম্ভ নোহোৱালৈকে ট্ৰাম্প প্ৰশাসনে এইচ ৱান বি ভিছাসহ একাধিক ভিছা বন্ধ ৰাখিব পাৰে ৷উল্লেখযোগ্য  যে আমেৰিকাত পহিলা অক্টোবৰৰ পৰা বিত্তীয় বৰ্ষ আৰম্ভ হয় ৷

নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে দেশখনে ভিজা প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰে ৷এইচ ৱান বি ভিছা সাময়িকভাৱে বন্ধ ৰাখিলে ভাৰতসহ বিভিন্ন দেশৰ পৰা দক্ষতা সম্পন্ন লোকসকলে আমেৰিকাত কৰ্মসংস্থাপন লাভৰ বাবে দেশখনলৈ যোৱাৰ সুবিধাৰ পৰা বঞ্চিত হ’ব ৷আমেৰিকাৰ বিভিন্ন সংস্থাই এই বিশেষ ভিছাৰ জৰিয়তে বিদেশী অৰ্হতাসম্পন্ন কৰ্মচাৰীক নিজৰ প্ৰতিষ্ঠানত নিয়োগ প্ৰদান কৰি আহিছে ৷

Exit mobile version