কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু তলাবন্ধৰ ফলত দেশৰ অৰ্থনীতি চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে ৷প্ৰায় আঢ়ৈমাহ ধৰি বন্ধ হৈ আছিল দেশৰ সকলোবোৰ কল কাৰণানা,কাৰ্যালয়,বাণিজ্যিক প্ৰতিষ্ঠান,বিপনী ইত্যাদি ৷ফলত সমস্যাগ্ৰস্ত হৈছে উদ্যোগপতি ব্যৱসায়ীৰ পৰা সাধাৰণ শ্ৰমিকলৈকে প্ৰতিটো শ্ৰেণী ৷এনে পৰিস্থিতিতে বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ স্বত্বাধিকাৰীক কিছু সকাহ দিলে উচ্চতম ন্যায়ালয়ে ৷
আজি সৰ্বোচ্চ ন্যায়ালয়ে এক আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে তলাবন্ধৰ সময়ছোৱাত দেশৰ যিসমূহ বেচৰকাৰী প্ৰতিষ্ঠানে নিজৰ কৰ্মচাৰীক বেতন আদায় দিয়া নাছিল তেওঁলোকৰ বিৰুদ্ধে অহা জুলাইৰ অন্তিম ভাগলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা লহ’ব। সৰ্বোচ্চ ন্যায়ালয়ৰ এই ৰায়ে দেশৰ কোটি কোটি ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীক সমস্যাৰ সন্মুখীন কৰালেও স্বত্বাধিকাৰীসকলক সকাহ দিলে ৷
উচ্চতম ন্যায়ালয়ে এই ৰায়ৰ লগতে কয় যে প্ৰয়োজনত বেতন আদায়ৰ সন্দৰ্ভত বিভিন্ন ৰাজ্যৰ কৰ্মচাৰী আৰু নিয়োগকাৰী সংস্থাৰ মাজত আলোচনা অনুষ্ঠিত কৰা উচিত ৷এনে আলোচনাৰ সন্দৰ্ভত শ্ৰম আয়ুক্তক এক প্ৰতিবেদন দাখিল কৰিবলৈকো ন্যায়ালয়ে পৰামৰ্শ দিয়ে ৷উল্লেখযোগ্য যে পূৰ্বে কেন্দ্ৰীয় চৰকাৰে যোৱা ২৯ মাৰ্চত এক বিজ্ঞপ্তি প্ৰকাশ কৰি কৈছিল যে তলাবন্ধৰ সময়তো নিয়োগকাৰী সংস্থাসমূহে কৰ্মচাৰীক সম্পূৰ্ণ বেতন আদায় দিবলৈ বাধ্য থাকিব ৷
কোনো কাৰণতে কৰ্মচাৰীৰ বেতন কৰ্তন কৰিব নোৱাৰিব বুলি কেন্দ্ৰীয় চৰকাৰে এক বিজ্ঞপ্তিত উল্লেখ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ এই বিজ্ঞপ্তিৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিলে স্বয়ং দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক উত্তৰ দিয়াৰ বাবে ন্যায়ালয়ে চাৰি সপ্তাহ সময় আগবঢ়ালে। ন্যায়াধীশ আশোক ভূষণ,সঞ্জয় কিষাণ কৌল আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে কয় যে এই কথা স্বীকাৰ কৰিব লাগিব যে কৰ্মী আৰু নিয়োগকাৰী উভয়ৰে পৰস্পৰক প্ৰয়োজন ৷
সেয়েহে তলাবন্ধৰ ৫০ দিনৰ বেতন প্ৰদানক লৈ সৃষ্টি হোৱা বিবাদৰ মীমাংসা হোৱা উচিত ৷কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীক তলাবন্ধটো সম্পূৰ্ণ বেতন আদায় দিব লাগিব বুলি জাৰি কৰা নিৰ্দেশনাৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত লঘু উদ্যোগ সংস্থা সংগঠন,লুধিয়ানা হেণ্ডটুলছ এছ’চিয়েছন ফিকাছ পেকছসহ কে’বাটাও বেচৰকাৰী সংগঠনে আবেদন দাখিল কৰিছিল ৷এই আবেদনৰ শুনানি গ্ৰহণ কৰি সৰ্বোচ্চ ন্যায়ালয়ে আজি এই ৰায় দিয়ে।