- অৱশেষত আজি গেছ নিৰ্গত হোৱাৰ পৰা ১৯ দিনৰ পাছত অগ্নিকুণ্ড বাঘজানত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।
- বাঘজানৰ ৫ নং তৈলক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে আশ্ৰয় শিবিৰত উপস্থিত হৈ শিবিৰত থকা লোকসকলৰ পৰিস্থিতিৰ বুজ লয় ।
- লগতে বাঘজানত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন মডেল হস্পিতাল, পশু চিকিৎসালয়ৰ লগতে মাগুৰি মটাপুং বিলখন পয্যটনৰ উদ্যোগ গঢ়ি তোলাৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰে, আৰু প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে উচিত ক্ষতিপূৰণ পাব বুলি অৱগত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ৷
বাঘজানৰ আশ্ৰয় শিবিৰত উপস্থিত পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল
