ৱেবচাইটযোগে লাভ কৰিব পছন্দ কৰা গাড়ীৰ তথ্য

maruti true value

প্ৰায় আধা মূল্যতে গাড়ী বিক্ৰী কৰিবলৈ সাজু হৈছে মাৰুতি চুজুকি । নতুন গাড়ীৰ সমান্তৰাল ভাৱে মাৰুতিয়ে ট্ৰু ভেলু’ৰ অধীনত বিক্ৰী কৰিব পুৰণি গাড়ীও । দেশৰ বৃহত্তম গাড়ী বিক্ৰেতা কোম্পানী মাৰুতিয়ে ‘ট্ৰু ভেলু’ৰ অধীনত পূৰ্বেও পুৰণি গাড়ী বিক্ৰী কৰিছিল যদিও সম্পতি আকৰ্ষণীয় মূল্যত দিয়া হব ব্যৱহৃত গাড়ী । ইয়াৰ ফলত ইকো, ৱাগনআৰ,ছুইফট ডিজায়াৰ আদি গাড়ী প্ৰায় আধা মূল্যতে ক্ৰয় কৰিব পাৰিব গ্ৰাহকে ।

ADVERTISEMENT

আঢ়ৈ লাখতকৈও কম মূল্যতে এনে গাড়ী ক্ৰয় কৰিবলৈ আশা কৰাসকলে ‘বুক’ ভেলুৰ তথ্য অনুসৰি প্ৰায় সাত-আঠ পুৰণি এনে গাড়ীৰ সৰ্বোচ্চ মূল্য চাৰে তিনি লাখৰ অধিক নহ’ব ।পুনৰ বিক্ৰীৰ বাবে মুকলি কৰি দিয়া এনে গাড়ী গড় হিচাপত ডেৰ লাখ মান কিলোমিটাৰহে ৰাজপথত চলাচল কৰিছে । গ্ৰাহকে চাৰি বছৰ পুৰণি মাৰুতি ‘ইকো’ গাড়ী তিনি লাখ তকৈও কম টকাত লাভ কৰিব পাৰি।এনে বহু গাড়ী বৰ্তমান লৈ এক লাখ কিলোমিটাৰ পৰ্যন্তও চলাচল কৰা নাই।

সাত-আঠ বছৰ পুৰণি বাগানৰ গ্ৰাহকে দুই লাখ ১০হেজাৰ টকা লাভ কৰিব।টৰ ভেলুৰ ৱেবচাইটত এনে সকলো গাড়ীৰ বিতং তথ্য গ্ৰাহকে লাভ কৰিব পাৰিব।ক্ৰয় কৰাৰ পূৰ্বে এনে গাড়ীৰ গুন মনক লৈ সন্তুষ্ট হলেহে গ্ৰাহকে মনে বিচৰা গাড়ীখন ‘বুক’ কৰিব পাৰিব।উল্লেখযোগ্য যে যোৱা ২৪ মাৰ্চ ৰ মাজনিশাৰে পৰা দেশত আৰম্ভ হোৱা তলা বন্ধৰ ফলত অধিক সংখ্যক উদ্যোগ বন্ধ হৈ আছে।তলাবন্ধৰ বাবে মাৰুতিকে ধৰি দেশৰ অন্যান্য গাড়ী নিৰ্মাতা উদ্যোগবিলাক বৃহৎ লোকচানৰ সন্মুখীন হব লগীয়া হৈছে।

যোৱা এপ্ৰিলত দেশত এখনো গাড়ী নাই।গাড়ী বজাৰত ইয়াৰ পূৰ্বে এনে অৱস্থাৰ মুখামুখি হবলগীয়া হোৱা নাছিল মাৰুতিয়ে।প্ৰশাসনৰ অনুমতি সাপেক্ষে যোৱা ২০এপ্ৰিলৰ পৰা হাৰিয়ানাৰ মানেছৰষ কাৰখানা ত আংশিকভাবে কাম কাজ আৰম্ভ হৈছিল মাৰুতিৰ।বিভিন্ন পৰ্যায়ত ভাগ কৰি কাম কৰিব দিয়া হৈছে কৰ্মচাৰীসকলক।গুজৰাটত থকা কাৰখানাতো আংশিক ভাৱে কাম আৰম্ভ কৰিছে মাৰুতিয়ে।

Exit mobile version