পাঁচদিন ধৰি বাঘজানৰ অগ্নিকাণ্ডৰ ক্ষয়ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণত ব্যৰ্থ

WhatsApp Image 2020 06 14 at 1.59.20 PM

বাঘজানৰ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্য আজি ঘটনাস্থলী পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। জিলাখনত কেন্দ্ৰীয় মন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণসূচীৰ সংক্ৰান্তত বিশেষ দায়িত্বত থকা বিষয়া তথা মহকুমা ৰাজহ চক্ৰ বিষয়া পংকজ নাগবংশীয়ে দৈনিক অগ্ৰদূত”ক সদৰী কৰি কয় যে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰীৰ ভ্ৰমণ সূচীক লৈ ইতিমধ্যে দীয়ামূলী চাহ বাগিচাত হেলিপেড তৈয়াৰ কৰা হৈছে। প্ৰথমে তেওঁলোকে ডিব্ৰুগড় বিমানকোঠত অৱতৰণ কৰাৰ পাছত হেলিকপ্টাৰেৰে নিৰ্দিষ্ট স্থানত উপস্থিত হৈ গাড়ীৰে ঘটনাস্থলীত উপস্থিত হ’ল ৷ তাৰ পাছতে আশ্ৰয় শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰে । উল্লেখযোগ্য যে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ এই ভ্ৰমণসূচীক বহুতে সমালোচনা কৰিছে । চাৰিজনকৈ কেবিনেট মন্ত্ৰী ঘটনাস্থলীত উপস্থিত হৈয়ো বাঘজানবাসীক সান্ত্বনা দিব নোৱাৰিলে ।

যাৰ ফলত বাধ্যত পৰিহে তেওঁ বাঘজানলৈ যোৱা বুলি বহুতে অভিযোগ কৰিছে । ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত প্ৰথমে দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ কৰা টুলুঙা মন্তব্যই আশ্ৰয় শিবিৰত থকা লোকসকলৰ মাজত অধিক উত্তেজিত কৰি তুলিছিল । যাৰ ফলত বিগত দিনকেইটাত আশ্ৰয় শিবিৰতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল । ইপিনে মন্ত্ৰী অতুল বৰায়ো পূৰ্বৰ মন্ত্ৰীৰ ভাষ্যৰ বাবে ককৰ্থনাৰ সন্মুখীন হৈছিল । আৰু মুখ্যমন্ত্ৰীক ঘটনা পৰিদৰ্শন কৰিবলৈ দাবী জনাই আহিছিল অঞ্চলবাসীয়ে ৷ ইফালে অগ্নিকাণ্ড সংঘটিত পাঁচদিনৰ পিছতো সঠিক ক্ষয় ক্ষতিৰ পৰিমাণ দাঙি ধৰিব পৰা নাই জিলা প্ৰশাসনে ।

তিনিচুকীয়া ৰাজহ চক্ৰ আৰু ডুমডুমা ৰাজহ চক্ৰৰ একোটাকৈ অঞ্চলৰ লোকে এই অগ্নিকাণ্ড আৰু ভূকম্পনৰ ফলত ক্ষতিগ্ৰস্ত হৈ আশ্ৰয় শিবিৰত দিন অতিবাহিত কৰিছে যদিও জিলা প্ৰশাসনৰ হাতত নাই মুঠ ক্ষতিৰ পৰিমাণ ৷ ৰাজহ বিভাগক এই ক্ষেত্ৰত যোগাযোগ কৰিলে কেৱল ইজনে সিজনক ঠেলিয়াই দায়িত্ব সামৰে বুলি অভিযোগ উঠিছে। উল্লেখযোগ্য যে অগ্নিকাণ্ডৰ ফলত কোনোৱে প্ৰায় ছশ সাতশ ব্যাসাৰ্ধৰ অঞ্চল জ্বলি ছাৰখাৰ কৰা বুলি সদৰী কৰাৰ বিপৰীতে কোনো বিষয়াই প্ৰায় এক ডেৰ কিলোমিটাৰ অঞ্চলহে জ্বলি যোৱা বুলি উল্লেখ কৰিছে । ইয়াৰোপৰি ইতিমধ্যে জ্বলি ছাৰখাৰ হোৱা ঘৰৰ ওপৰতো কোনো তথ্য সদৰী কৰা নাই জিলা প্ৰশাসনে । কোনোৱে যদি ১৪ টা বুলি উল্লেখ কৰিছে কোনোৱে ১৫-১৬ টা ৷ তৈলখাদটোত যোৱা ২৭ মে’ত সংঘটিত বিস্ফোৰণ আৰু ন জুনত সংঘটিত অগ্নিকাণ্ড নিয়ন্ত্ৰণ নোহোৱাৰ কথা দোহাই দি বিভাগীয় বিষয়াসকলে আজি পৰ্যন্ত ক্ষতিগ্ৰস্তসকলৰ প্ৰকৃত তথ্য দাঙি ধৰিব নোৱাৰিলে ।

Exit mobile version