নগাঁৱত “এনজৰী”য়ে কোঠাৰ সন্ধান দিব ভাড়াতীয়া আলহীক

54352295

সম্প্ৰতি সমগ্ৰ ৰাজ্যৰ দৰে নগাঁও জিলাটো ভাড়াতীয়া সকলৰ বাবে এটা সুবিধাজনক কোঠা বিচৰাতো অতি কঠিন সমস্যা হৈ পৰিছে ৷ বিশেষকৈ কৰ’নাৰ আতংকৰ বাবে বৰ্তমানৰ পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাড়াত এটা কোঠা বিচাৰি পোৱাটো এক গভীৰ সমস্যা হিচাপে চিহ্নিত হৈছে । সেয়ে এনে সমস্যাৰ কথা অনুধাৱন কৰি ইয়াৰ সমাধানৰ বাবে আগবাঢ়ি আহিছে নগাঁও জিলাৰ কেইজনমান শিক্ষিত উদ্যমী যুৱক ৷

মাধুৰ্য মাধৱ শইকীয়া, সুদীপ্ত হাজৰিকা, ৰক্তিম ৰাজখোৱা, পাৰ্থ শৰ্মা, চিন্ময় বৰা আৰু জ্যোতিষ্মান শইকীয়া নামৰ এইকেইজন শিক্ষিত যুৱক একত্ৰিত হৈ গঢ় দিয়া “এনাজৰী” নামৰ প্ৰতিষ্ঠানটোৰ জৰিয়তে লৈ আহিছে এক অ’নলাইন ডিজিটেল প্লেটফৰ্ম । যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পচন্দৰ ভাড়াতীয়া আলহীৰ কোঠা পচন্দ কৰিব পাৰিব ।

যুৱক কেইজনৰ ঐকান্তিক প্ৰচেষ্টাত নৱ গঠিত এই অনুষ্ঠানটোৰ ৱেবছাইট www.enajori.in ত বিচাৰিলেই ততালিকে ওলাই পৰিব নগাঁৱত উপলদ্ধ ভাড়াতীয়া আলহীৰ কোঠাৰ সকলো প্ৰয়োজনীয় তথ্য ৷ এখন নতুন চহৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাড়াতীয়া আলহীৰ কোঠা বিচৰাৰ দৰে এটা জটিল সমস্যাক অতি সহজ আৰু মসৃণ কৰি তোলাৰ ক্ষেত্ৰত যুৱককেইজনৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ স্থানীয় লোকৰ লগতে সকলোৱে শলাগ লৈছে ৷

Exit mobile version