ৰাজ্যৰ পাঁচ খণ্ডত ক্ষতি ৩২,১৬৭ কোটিৰ

Assam Economy

দীঘলীয়া তলাবন্ধৰ ফলত মাধমাৰ পৰিছে অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনত ৷ ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বিশ্বৰ দেশে দেশে পালন কৰা হৈছে তলাবন্ধ । ইয়াৰ ফলত আগশাৰীৰ দেশবোৰত সৃষ্টি হৈছে অৰ্থনৈতিক সংকট। ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰত এনে সংকট অধিক ঘনীভূত হৈছে । আনহাতে অসমৰ দৰে কেন্দ্ৰৰ ওপৰত অধিক নিৰ্ভৰশীল ৰাজ্যবোৰৰ অৱস্থা অধিক কাহিল হৈ পৰিছে ৷ আগন্তুক দিনত কেন্দ্ৰই এই ৰাজ্যবোৰক কি দৰে সহায় কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷

কিন্তু এই সময়ছোৱাত ৰাজ্যবোৰৰ নিজা সীমিত পুঁজি সংগ্ৰহ ব্যৱস্থাটোত অকল্পনীয় মাধমাৰ পৰিছে ৷ অসম ইয়াৰ অন্যতম উদাহৰণ ৷ এই সময়চোৱাত মুঠ ৰাজ্যিক ঘৰুৱা উপাদানত অসমৰ লোকচান হয় কমেও ৩২,১৬৭ কোটি টকা ৷ ৰাজ্যৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ নেতৃত্বত গঠিত পৰামৰ্শদাতা সমিতিয়ে শেহতীয়াকৈ চৰকাৰৰ ওচৰত এই তথ্য দাখিল কৰিলে।

সমিতিয়ে সৰ্বাধিক লোকচানৰ গৰাহত পৰা খণ্ডকেইটাও চিনাক্ত কৰি আনুমানিক লোকচানৰ পৰিমাণ নিৰ্ধাৰণ কৰিছে ৷ সেই অনুসৰি কমেও ৮,১৭৫ কোটি টকা লোকচান হয় কৃষি মীন আৰু খনিজ সম্পদ খণ্ডৰ ৷ কমেও ৭,৫৪৬ কোটি টকা লোকচান হয় উৎপাদন আৰু নিৰ্মাণ খণ্ডৰ ৷ তেনেদৰে ২,০০৪ কোটি টকা লোকচান হয় ৰিয়েল ষ্টেট খণ্ডৰ। আনহাতে ১,৭১১ কোটি টকাৰ লোকচান হয় পৰিবহন আৰু যোগাযোগ খণ্ডৰ ৷ কমেও ৩,০৫১ কোটি টকাৰ লোকচান হয় অন্যান্য খণ্ডৰ৷মাত্ৰ দুমাহত ইমান বৃহৎ লোকচানৰ গৰাহত ৰাজ্যখন পৰাটোৱে উদ্বিগ্নতা বৃদ্ধি কৰিছে ৷

তলাবন্ধৰ পূৰ্বেও ৰাজ্যত উন্নয়নমূলক কাম কাজৰ প্ৰতি যথেষ্ট লেহেমীয়া চলিছিল। বৃহৎ লোকচানৰ ফলত চৰকাৰে যিমান দাবী নকৰক কিয় তেনে কামকাজত মাধমাৰ পৰাতো অৱধাৰিত বুলি বিত্ত বিভাগৰ সূত্ৰই জনাইছে ৷ ইপিনে সমিতিয়ে আশংকা ব্যক্ত কৰিছে যে লোকচানৰ বৃহৎ পৰিমাণে অসমত নিবনুৱা আৰু দৰিদ্ৰ লোকৰ মাত্ৰা বৃদ্ধি কৰিব । কাৰণ খণ্ডবোৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হোৱা লোক কৰ্মহীন হ’ব ৷ উপাৰ্জন বন্ধ হ’লে দৰিদ্ৰ লোকৰ সংখ্যা বাঢ়ি যাব ৷ এইবোৰৰ পৰিণতিত সমাজত অপৰাধী আৰু অপৰাধ ঘটনাৰ মাত্ৰা হ’ব উৰ্ধ্বগামী ৷

Exit mobile version