ক’ভিড১৯ক কেন্দ্ৰ কৰি নিৰ্দেশনা জাৰি শিক্ষামন্ত্ৰীৰ

himanta

ৰাজ্যৰ শিক্ষা,বিত্ত তথা স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৰপেটা জিলাৰ পাঠশালাস্থিত ভট্টদেৱ বিশ্ব বিদ্যালয়,হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ত চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে ৷

উল্লেখযোগ্য যে পাঠশালাৰ বজালী মহাবিদ্যালয়,হোজাই মহাবিদ্যালয় আৰু লখিমকপুৰৰ নাৰায়ণপুৰ মহাবিদ্যালয়ক ক্ৰমে ভট্টদেৱ বিশ্ববিদ্যালয়,ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় আৰু মাধৱ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তিৰ প্ৰক্ৰিয়া বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল ৷

কিন্তু ক’ভিড১৯ক কেন্দ্ৰ কৰি সৃষ্টি হোৱা শেহতীয়া পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰ বিশেষ ব্যৱস্থা হিচাপে উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তিৰ ব্যৱস্থা কৰিবলৈ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে ৷ইয়াৰ ফলত শিক্ষাৰ্থীসকলে তিনিওখন বিশ্ববিদ্যালয়তে এই বছৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তিৰ সুবিধা লাভ কৰিব ৷

Exit mobile version