দেশৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

pm modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ২১খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত তলাবন্ধ তথা কৰ’না ভাইৰাছৰ সন্দৰ্ভত আলোচনা কৰে ৷এই সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কৰ’না ভাইৰাছৰ ওপৰত চৰকাৰৰ পদক্ষেপ,ৰাজ্যবাসীৰ সহযোগিতা,কৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়,তলাবন্ধৰ প্ৰভাৱ আৰু আৰ্থিক অৱস্থাৰ ওপৰত মতবিনিময় কৰে ৷লগতে মোদীয়ে কয় যে দেশৰ বৃহৎ অৰ্থনৈতিক বিশেষজ্ঞসকলে তলাবন্ধৰ ওপৰত চৰ্চা অব্যাহত ৰাখিছে ৷ মুখ্যমন্ত্ৰীসকলৰ স’তে হোৱা আলোচনাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে,

ভাৰতত কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা অন্যান্য দেশতকৈ সৰ্বাধিক ৷ কৰ’নাত আক্ৰান্ত বিশ্বৰ অন্যান্য দেশসমূহৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমাৰ দেশৰ জনসংখ্যাৰ তুলনাত কৰ’নাত আক্ৰান্তৰ সংখ্যা সীমিত ৷কৰ’নাৰ সন্দৰ্ভত ভৱিষ্যতে অধ্যয়ন কৰিলে ভাৰতৰ নাম উদাহৰণ হিছাপে লোৱা হ’ব ৷ কাৰণ ভাৰতে সকলোৰে সহযোগিতাৰে কৰ’নাক প্ৰতিৰোধ কৰিছে।

ইয়াৰ উপৰিও বিশ্বৰ অন্যান্য দেশৰ তুলনাত কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা কম ।কৰ’না মহামাৰীৰ সময়ত ভাৰতে আৰ্থিক অৱস্থাটো টনকিয়াল কৰি ৰাখিছে। বিগত দুসপ্তাহৰ আনলক ১ য়ে প্ৰমাণ কৰিছে যে কৰ’না প্ৰতিৰোধৰ কাৰণে দিয়া নীতি নিয়ম মানি চলিলে আৰ্থিক ক্ষেত্ৰৰ লগতে অন্যান্য দিশত ক্ষতিৰ পৰিমাণ সীমিত হ’ব ৷

মাস্ক পৰিধান কৰাৰ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মাস্ক পৰিধান কৰাটো অত্যন্ত জৰুৰী ৷মাস্ক পৰিধান নকৰাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলালে নিজৰে নহয় আনৰো ক্ষতি হয় ৷গতিকে সকলোৱে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে হাত ধোৱা,চেনিটাইজাৰ ব্যৱহাৰ কৰাটো প্ৰয়োজন ৷

সম্প্ৰতি ব্যক্তিগত অফিচৰ লগতে চৰকাৰী অফিচসমূহ খোলা হৈছে ৷গতিকে অকনমান অসাৱধানতাই আমাৰ সকলোৰে জীৱনলৈ ভয়াৱহতা কঢ়িয়াই আনিব ৷গতিকে কৰ’নাক আমি যিমান নিয়ন্ত্ৰণ কৰিম সিমানেই আমাৰ অৰ্থনৈতিক দুৱাৰ মুকলি হোৱাৰ লগতে অফিচ,পৰিবহন আদি খুলিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

অনাগত দিনত হোৱা অৰ্থনৈতিক বিস্তাৰত সকলোৰে লাভাম্বিত হ’ব ৷ইতিমধ্যে আৰ্থিকভাৱে বিভিন্ন ক্ষেত্ৰত ভাৰত আগবাঢ়ি গৈছে ৷লগতে এই ক্ষেত্ৰত ক্ষুদ্ৰ উদ্যোগেও যথেষ্ট সহায় কৰিছে ।

ইফালে কৃষকসকলৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে উত্তৰ পূব আৰু আদিবাসীসকলৰ অঞ্চলত কৃষিৰ নতুন নতুন সুবিধা উপলব্ধ হ’ব ৷ তেতিয়া কৃষকসকলৰ আয়ও বৃদ্ধি পাব ৷

আনহাতে মোদীয়ে কাইলৈ অৰ্থাৎ বুধবাৰেও মহাৰাষ্ট্ৰ,দিল্লী,ৰাজস্থান,মধ্য প্ৰদেশ,উত্তৰ প্ৰদেশ,হাৰিয়ানা আৰু পশ্চিম বংগৰ লগতে ১৫ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত মতবিনিময় কৰিব। ষষ্ঠবাৰৰ কাৰণে মুখ্যমন্ত্ৰীসকলৰ স’তে মতবিনিময় কৰা মোদীয়ে কৰ’না ভাইৰাছৰ সন্দৰ্ভত আলোচনা কৰিব ৷

Exit mobile version