বগৰীবাৰীত ব্যতিক্ৰমী চোৰ

IMG 20200616 WA0036

বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰাজাপাৰাত এক দৃশ্যই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷কাৰণ আৰক্ষীৰ হাতৰ পৰা ৰক্ষা পাবলৈ চোৰ এজনে ৰচিছে অভিনৱ কৌশল ৷ প্ৰায় ১২৫ ফুট উচ্চতাৰ জি’ও মোৱাইল টাৱাৰৰ শিখৰত উঠি আত্মৰক্ষাৰ চেষ্টা কৰিছে চোৰে ৷ জানিব পৰা মতে থানা খনৰ অন্তৰ্গত বগৰীবাৰী শান্তিপুৰৰ বাসিন্দা আনোৱাৰ হুছেইন(১৮) নামৰ মুকবধিৰ যুৱকজন চুৰি কাৰ্য্যত লিপ্ত হয় ৷

আৰক্ষী সুত্ৰই জানিবলৈ দিয়া মতে কেইদিনমান আগতেও বগৰীবাৰীৰ দোকান এখনত চুৰি কাৰ্য সংঘটিত কৰিছিল যুৱকজনে ৷ কালি আনোৱাৰক আৰক্ষীয়ে বিচাৰি অহা বুলি গম পায় | আজি পুৱতি নিশা আনোৱাৰে আৰক্ষীৰ পৰা ৰক্ষা পাবলৈ অৱলম্বন কৰে এনে অভিনৱ কৌশল | ৰাজাপাৰাত থকা সু উচ্চ মোৱাইল টাৱাৰটোৰ ওপৰত উঠি চূড়ান্ত শিখৰত বহি থাকে |

পিছত স্থানীয় ৰাইজে চোৰৰ কৰ্ম কাণ্ড প্ৰত্যক্ষ কৰাত এনে কৌশল চাবলৈ অসংখ্য লোকৰ সমাগম ঘটে টাৱাৰটোৰ ওচৰত | পিছত ঘটনাস্থলীত উপস্থিত হয় বগৰীবাৰী আৰক্ষীৰ লগতে মহকুমা প্ৰশাসন ৷ লগতে চোৰক টাৱাৰটোৰ পৰা সুকলমে উদ্ধাৰ কৰিবলৈ উপস্থিত হয় অগ্নিনিৰ্বাপন আৰু এছ ডি আৰ এফ বাহিনী | পৰবৰ্তী সময়ত বিয়লিৰ ভাগত স্থানীয় কেইজন মান যুৱকে কৌশল গত ভাবে আনোৱাৰক টাৱাৰটোৰ ওপৰৰ পৰা নামি আহিবলৈ বাধ্য কৰায় ৷ ইয়াৰ পিছতে নমাই আৰক্ষীয়ে তদন্তৰ বাবে থানালৈ লৈ যায় চোৰটোক ৷

Exit mobile version