যন্ত্ৰমানৱে পৰীক্ষা কৰিব ৰেলযাত্ৰীৰ টিকট ,কৰ্মহীন হ’ব পাৰে টিকট পৰীক্ষক

RAILWAY

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি কৰ্মক্ষেত্ৰত ব্যাপক পৰিৱৰ্তনৰ আগমন ঘটিছে ।এই মহামাৰীৰ সংক্ৰমণ আঁতৰাই ৰাখিবলৈ হ’লে মূল উপায় হৈছে সামাজিক দূৰত্ব বৰ্তাই ৰখা।এই নিয়ম অৱলম্বন কৰি ভাৰতীয় ৰেলৱে বিভাগে ৰেল সেৱাৰ বিভিন্ন কাম-কাজত মানৱ কৰ্মীৰ পৰিৱৰ্তে ৰ’ৱটক নিয়োগ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।ৰেল যাত্ৰীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে পৰা টিকট পৰীক্ষালৈকে যাৱতীয় দায়িত্বসমূহ যন্ত্ৰমানৱক ইতিমধ্যে ৰেল বিভাগে অৰ্পণ কৰিছে ।

এই পদক্ষেপ গ্ৰহণ কৰি দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে মহাৰাষ্ট্ৰৰ নাগপুৰত ৰেল ষ্টেচনত স্থাপন কৰা হ’ল অট’মেটিক টিকট চেকিং এণ্ড মেনেজিং এক্সেছ ব্যৱস্থা ।যন্ত্ৰমানৱ ৰূপী এই ব্যৱস্থাই ৰেল যাত্ৰীৰ স্বাস্থ্য পৰীক্ষণ সম্পন্ন কৰাৰ লগতে টিকটৰো পৰীক্ষা কৰিব।পৰীক্ষামূলকভাৱে এই পদ্ধতি সফল হ’লে ভাৰতীয় ৰেল বিভাগে অন্যান্য ষ্টেচনসমূহতো এনে যন্ত্ৰমানৱক যাত্ৰীৰ স্বাস্থ্য আৰু টিকট পৰীক্ষা দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা আছে ।এই নতুন যন্ত্ৰমানৱৰ নাম হৈছে কেপ্তেইন অৰ্জুন ।

যোৱা শুকুৰবাৰৰ পৰা কেপ্তেইন অৰ্জুনে নাগপুৰত ৰেল যাত্ৰীৰ যাৱতীয় পৰীক্ষণ সম্পন্ন আৰম্ভ কৰিছে ।কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰেল যাত্ৰী সকলৰ থাৰ্মেল স্ক্ৰিনিং কৰাটো জৰুৰী হৈ উঠিছে আৰু মানৱৰ সংস্পৰ্শলৈ নহাকৈ ৰেল বিভাগে যন্ত্ৰমানৱৰ জৰিয়তে ৰেল যাত্ৰীৰ এই স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা লৈছে ।পুনে ৰেল ষ্টেছনতো এনে ৰ’ৱটক ইতিমধ্যে নিয়োগ কৰা হৈছে।শৰীৰৰ তাপমাত্ৰা গ্ৰহণৰ লগতে এনে ৰ’ৱটে বিভিন্ন আঞ্চলিক ভাষটো বাৰ্তালাপ কৰিব পাৰে ।

যাত্ৰীয়ে মাস্ক পৰিধান নকৰিলে নিৰ্দিষ্ট মূল্যৰ বিনিময়ত ৰ’ৱটে মাস্কৰ যোগান ধৰিব ।তদুপৰি যাত্ৰীৰ শৰীৰৰ তাপমাত্ৰা সন্দেহজনক হ’লে লগে লগে এলাৰ্মৰ জৰিয়তে ৰ’ৱটে ৰেলকৰ্মীক সতৰ্ক কৰি দিব ।ৰেল বিভাগে এইদৰে যন্ত্ৰ মানৱক নিয়োগ কৰাক লৈ কৰ্মী সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।ৰ’ৱটক এনেবোৰ দায়িত্বত নিয়োগ কৰিলে ৰেলৰ টিকট পৰীক্ষক (টি টি ই ) সহ অন্যান্য কৰ্মচাৰী সংগঠনসমূহে ইয়াৰ বিৰোধিতা কৰিছে ।

Exit mobile version