২০১২ নহয়, ২০২০ৰ সূত্ৰহে দিছিল মায়া সভ্যতাই

73097 11 mayan doomsday calendar was wrong world now ends on june 21 2020

কৰ’না ভাইৰাছৰ মাধমাৰত ইতিমধ্যে বিশ্বত চাৰি লক্ষাধিক লোকৰ মৃত্যু হৈছে । কিন্তু অহা সপ্তাহৰ পাছৰ পৰা হয়তো পৃথিৱীত এজনো লোক বাছি নাথাকিব। কিয়নো এটা সপ্তাহৰ পাছতে হয়তো ধ্বংস হ’ব পাৰে পৃথিৱী । মায়া সভ্যতাৰ দিনপঞ্জীৰ সূত্ৰৰ হিচাপত হোৱা ভুল শুধৰণি কৰাৰ পাছতে উঠি আহিছে এই তথ্য । আঠ বছৰৰ পূৰ্বে পৃথিৱী ধ্বংস হ’ব বুলি প্ৰচাৰিত এক বাতৰিৰ কথা হয়তো সকলোৰে মনত আছে । মায়া সভ্যতাৰ দীনপঞ্জীতে বিভিন্ন সূত্ৰৰ উদ্ধৃত্তিৰে ২০১২ ৰ ডিচেম্বৰত পৃথিৱী ধ্বংস হ’ব বুলি ভৱিষ্যদ্বাণী কৰা হৈছিল । সেই ভৱিষ্যদ্বাণীয়ে সেই সময়ত ব্যাপক চৰ্চা লাভ কৰিছিল। বহু লোক আতংকিতও হৈ পৰিছিল আৰু মৃত্যুৰ পূৰ্বে জীৱনৰ সকলো অতৃপ্তি পূৰণৰ প্ৰয়াস কৰিছিল।বহু লোক আতংকিত ও হৈ পৰিছিল আৰু মৃত্যুৰ পূৰ্বে জীৱনৰ সকলো অ তৃপ্তি পূৰণৰ প্ৰয়াস কৰিছিল।

অৱশ্যে ২০১২ৰ ডিচেম্বৰত পৃথিৱী ধ্বংস নহল আৰু সকলোৱেই এইবাৰ ভ্ৰান্ত ধাৰণা কৰি আত্মতৃপ্তি লভিছিল।অৱশ্যে পৰৱৰ্তী সময়ত গম পোৱা গল যে যি নিদ্দিষ্ট হিচাপৰ ভিত্তিত বিশেষজ্ঞ সকলে পৃথিৱী ধ্বংস ৰ দিন নিৰ্ধাৰণ কৰিছিল, সেই হিচাপতেই ভুল হৈছিল। কিন্তু সেই হিচাপৰ শুধৰণি ঘটোৱাৰ পিছত সম্প্ৰতি নতুনকৈ যি তথ্য পোহৰলৈ আহিছে। সেয়া অধিক বিস্ফোৰক।মায়া কেলেণ্ডাৰৰ মতেই পৃথিৱী ধ্বংস হব চলিত বৰ্ষতে । তাকো মাত্ৰ এটা সপ্তাহৰ পাছতে। মায়া দীনপঞ্জী অনুসৰি, আমি এতিয়া যিটো বৰ্ষত আছোঁ সেয়াই হৈছে ২০১২বৰ্ষ।

গ্ৰেগৰিয়ান কেলেণ্ডাৰৰ হিচাপত প্ৰতি ১১দিনত মায়া কেলেণ্ডাৰৰ এটা দিনকৈ পৰিৱৰ্তন ঘটে । গ্ৰেগৰিয়ান কেলেণ্ডাৰ ১৭৫২ত আৰম্ভ হৈছিল। ফলত ১৭৫২-২০২০=২৬৮বছৰ পাৰ হৈ গৈছে।ইয়াৰ লগত বাকী দিনবোৰ ৰাখিলে হিচাপ হয়গৈ ২৬৮×১১=২৯৪৮ দিন। ২৯৪৮ দিনক ৩৬৫ দিনৰে ভাগ কৰিলে হয় ৮ বছৰ।আৰু এই আঠ বছৰৰ হিচাপ তে প্ৰথমে বিশেষজ্ঞসকলৰ খেলিমেলি হৈছিল । তত্ব বিজ্ঞানী পাওল তা গাল’গীয়ানু মতে । হিচাপ ৰ পৰা বাদ যোৱা দিনসমূহ যোগ কৰিলেই মায়া সভ্যতাই নিৰ্ধাৰণ কৰা পৃথিৱীৰ অন্তিম দিনটো হৈছে ২০২০ৰ ২১জুন । অৱশ্য বিশেষজ্ঞসকলৰ এই নতুন হিচাপটো কোনো ভুল আছে নেকি, সেই বিষয়টো ত বিশেষজ্ঞ সকলো নিশ্চিত নহয়।

Exit mobile version