পশ্চিম কাৰ্বি-আংলঙৰ খেৰণি হাইস্কুল কোৱাৰেন্টাইন কেন্দ্ৰৰ ব্যতিক্ৰমী পৰিৱেশ

IMG 20200617 134625

 

ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ শংকিত ৰাজ্যবাসী। আৰু তেনে এক সময়তে পশ্চিম কাৰ্বি-আংলঙৰ খেৰণি হাইস্কুল কোৱাৰেন্টাইন কেন্দ্ৰত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী দৃশ্য। কেন্দ্ৰটোত ইতিমধ্যে কোৱাৰেন্টাইন হৈ আছে ১০০ জনকৈ লোক। আৰু এই লোকসকলক আজি হঠাৎ ৰাতিপুৱাৰ ভাগত দেখিবলৈ পোৱা গ’ল এক ভিন্ন ৰূপত। কেন্দ্ৰটোত চাফাইকৰ্মী ৰূপে একাংশই যদি চৌহদত চাফাই অভিযান চলাইছে আন একাংশই আকৌ বৃক্ষ, ফুল গছ আদি ৰোপণ কৰি ফুলৰ বাগিচা বনাবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰে মাজৰে আন এজনে আকৌ বিদ্যালয়গৃহৰ দেৱালত ছবি অংকণ কৰি ছবিৰ জৰিয়তে ৰাজ্যবাসীলৈ সজাগতাৰ বাৰ্তা প্ৰেৰণ কৰাও পৰিলক্ষিত হৈছে ।

উল্লেখযোগ্য যে এওঁলোকৰ এই কাৰ্যসূচীয়ে অসমত অস্থায়ীভাৱে স্থাপন কৰা প্ৰতিখন কোৱাৰেন্টাইন কেন্দ্ৰতে এক যোগাত্মক প্ৰভাৱ পেলাব বুলি প্ৰকাশ কৰে কেন্দ্ৰটোত থকা লোকসকলে। লগতে এইদৰে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে নিজকে ব্যস্ত ৰাখি কৰ’নাক প্ৰতিহত কৰিব পৰা যাব আৰু কোৱাৰেন্টাইনৰ বাবে আমনিদায়ক হৈ থকা সময়কণ পাৰ হৈ যোৱাৰো উপলব্ধি নহ’ব বুলি মন্তব্য কৰে লোকসকলে। গুৰুত্বপূৰ্ণ যে কেন্দ্ৰটোত খাদ্য যোগান আৰু পৰিচাৰকৰ দায়িত্বত থকা জন ৰংহাং, উত্তম ছেত্ৰী আৰু অন্যান্য সহকৰ্মীৰ লগতে চিকিৎসা কৰ্মীবৃন্দই হৈছে এই পদক্ষেপৰ মূল গুৰি ধৰোতা।

Exit mobile version