বেইজিঙত প্ৰকোপ বাঢ়িছে কৰ’নাৰ দ্বিতীয় লহৰৰঃ সতৰ্কবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ

covid19

উহানৰ পৰিৱৰ্তে এইবাৰ বেইজিংত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ প্ৰকোপ। চীনৰ ৰাজধানী চহৰত এইবাৰ কৰ’নাৰ দ্বিতীয় লহৰে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। পৰিস্থিতি অত্যন্ত গুৰুতৰ বুলিয়েই সদৰী কৰিছে বেইজিং প্ৰশাসনে । উল্লেখ্য যে প্ৰথমবাৰ চীনৰ চহৰ উহানত পৰিস্থিতি ভয়াৱহ হ’লেও বেইজিঙত কৰ’না ভাইৰাছৰ প্ৰকোপ তুলনামূলকভাৱে কম আছিল, কিন্তু বিগত কিছুদিনৰ পৰা ৰাজধানী চহৰখনত এই ভাইৰাছে নতুনকৈ ব্যাপক ৰূপ ধাৰণ কৰাত আনকি বিশ্ব স্বাস্থ্য সংস্থায়ো সতৰ্ক কৰি দিছে । বেইজিঙত নতুনকৈ মঙলবাৰে, ২৭ জন লোকৰ শৰীৰত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ফলত বিগত এসপ্তাহতে চহৰখনত নতুনকৈ আক্ৰান্তৰ সংখ্যা ১০৬ জনলৈ বৃদ্ধি পালে।

বেইজিঙৰ এখন বজাৰৰ পৰা নতুনকৈ কৰ’না ভাইৰাছ সংক্ৰমণ হোৱাৰ পাছৰ পৰাই প্ৰশাসনৰ উদ্বেগ বৃদ্ধি পাইছে। উক্ত বজাৰসহ সমগ্ৰ অঞ্চলটো তলাবন্ধ কৰি সম্প্ৰতি জীৱাণুমুক্ত কৰাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আৰম্ভ কৰিছে। নতুনকৈ সংক্ৰমণৰ তথ্য লাভ কৰাৰ লগে লগে বেইজিঙে জিনফাদি বজাৰলৈ যোৱা প্রতিজন লোককে চিনাক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। সমগ্র অঞ্চলটো তলাবন্ধ ঘোষণা কৰি আৰক্ষী-প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে। জিনফাদিৰ লগতে সমীপতে থকা সামুদ্ৰিক প্ৰাণীৰ বজাৰ এখনো বন্ধ কৰি দিয়া হৈছে। তাৰ লগতে বজাৰ দুখনৰ সকলো দোকানেই বীজাণুমুক্ত কৰিছে স্বাস্থ্য বিভাগে । বিগত কিছু দিনত জিনফাদি বজাৰলৈ কোন কোন গৈছিল তাৰো তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে ।

বেইজিং পৌৰসভাৰ তৰফৰ পৰা জনোৱা হৈছে যে ৩০ মে’পর্যন্ত প্ৰায় দুই লাখ মানুহে উক্ত বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰিছিল। এই সকলৰ ভিতৰত আঠ হেজাৰ জনক ইতিমধ্যে প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে বেইজিঙত আগতেই সকলোবোৰ আন্তঃদ্বাৰ ক্রীয়া, বিনোদনমূলক অনুষ্ঠান বন্ধ কৰা হৈছিল। তাৰ লগতে চহৰৰ পৰা বাহিৰলৈ যোৱা আৰু চহৰত প্ৰৱেশ কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইয়াৰ উপৰি চীনৰ আন চহৰৰ প্ৰশাসনৰ তৰফৰ পৰাও সিদ্ধান্ত লৈছে, কোনো লোকে বেইজিঙৰ পৰা উভতি আহিলে তেঁওলোকক কোৱাৰেন্টাইন ত ৰখা হ’ব। বেইজিং প্ৰশাসনৰ এজন মুখপাত্ৰই জনাইছে যে কোনোবাই বেইজিং চহৰৰ বাহিৰলৈ যাব বিচাৰিলে নিশ্চিতভাৱে প্ৰশাসনক অৱগত কৰিব লাগিব।

Exit mobile version