ক’ভিড ১৯ ৰ আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ ইখনৰ পিছত সিখন দেশক চেৰ পেলাই চতুৰ্থ স্থানত উপনীত হোৱা ভাৰতে মৃত্যুৰ সংখ্যাৰেও ক্ৰমে শীৰ্ষলৈ অগ্ৰসৰ হৈছে ৷ ইতিমধ্যে মৃত্যুৰ সংখ্যাৰে বেলজিয়ামক চেৰ পেলাই ভাৰতে অষ্টম স্থানলৈ উপনীত হয় ৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ অনুসৰি বিগত ২৪ ঘন্টাত দেশত ৩৮০ জনতকৈ অধিক লোক কৰনাত আক্ৰান্ত হয় ৷ ইয়াকে ধৰি ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৯৯৩৭ জন। ৰাজ্যৰ ভিতৰত সৰ্বাধিক মৃত্যু হৈছে মহাৰাষ্ট্ৰত ৷ইয়াৰ বিপৰীতে গুজৰাটত ১৫০৬ আৰু দিল্লীত ১৪০০ জন লোকৰ মৃত্যু হৈছে ৷ ইপিনে দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা ৩,৪৭,১৬৬ জনলৈ বৃদ্ধি হয় ৷ অৱশ্যে সুস্থ হোৱা লোকৰ সংখ্যাও যথেষ্ট উৰ্দ্ধগামী হৈছে ৷ এই পৰ্যন্ত সুস্থ হোৱা লোকৰ সংখ্যা ১,৮৩,৭০০ জন । আক্ৰান্ত লোকৰ ক্ষেত্ৰত ইতিমধ্যে লাখৰ ঘৰ পাৰ কৰা মহাৰাষ্ট্ৰত এই সংখ্যা ১,১০,৭৪৪ জনলৈ বৃদ্ধি পায় ।
বেলজিয়ামক চেৰ পেলাই কৰ’নাত মৃত্যুৰ সংখ্যাৰে বিশ্বৰ অষ্টম স্থানত ভাৰত
-
By publisher
Related Content
J&K's Poonch Road Accident:জম্মু-কাশ্মীৰত ভয়াৱহ পথ দুর্ঘটনা
By
publisher
December 24, 2024
Jorhat J B College:যোৰহাট জে বি কলেজৰ ছাত্রাবাস আৰু ছাত্ৰী নিবাসৰ প্ৰাক্তন আৱাসীৰ সন্মিলন
By
publisher
December 24, 2024
Pre-Christmas Celebration In B.Borooah Cancer Institute: বি বৰুৱা কেন্সাৰ ইন্সটিটিউটত প্ৰি-খ্ৰীষ্টমাছৰ বিশেষ আয়োজন
By
publisher
December 24, 2024
S Jaishankar to visit US :যুক্তৰাষ্ট্ৰ অভিমুখে ৰাওনা বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয় শংকৰ
By
publisher
December 24, 2024