অন্যান্য ৰোগত আক্ৰান্তৰ বাবে কৰ’নাই আনিছে অশনি সংকেত

Mar1

1203771991

হৃদৰোগ অথবা বহুমূত্ৰ ৰোগত আক্ৰান্তসকলৰ বাবে কৰ’না ভাইৰাছে কঢ়িয়াই আনিছে অশনি সংকেট ।কিয়নো এই দুই ৰোগত ভোগাসকলৰ প্ৰতি পাঁচ গৰাকীৰ ভিতৰত কেইবাগৰাকীৰ মৃত্যু হৈছে কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত ।প্ৰায় চাৰিমাহজোৰা এক অধ্যয়নৰ পাছত এই তথ্য পোহৰলৈ আহিছে।বিশেষকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰত কৰ’না আক্ৰান্তসকলৰ মাজত এনে ঘটনাই দেখিবলৈ পোৱা গৈছে।মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ‘চেন্টাৰ ফৰ ডিজিচ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনচন ‘ ৰ দ্বাৰা সম্পন্ন এক অধ্যয়নত এই তথ্য সন্মুখলৈ আহে ।

যোৱা ২২জানুৱাৰীৰ পৰা ৩০মে’ৰ মাজৰ সময়ছোৱাত চলোৱা এই অধ্যয়নত ১৩ লাখ কৰ’না আক্ৰান্তৰ ভিতৰত মৃত্যু হৈছিল এক লাখ তিনি হেজাৰৰ কিছু অধিক লোকৰ ।মৃত্যু হোৱা লোকসকলৰ ভিতৰত হৃদৰোগ অথবা বহুমূত্ৰকে ধৰি কৰ্কট তথা অন্যান্য ৰোগত আক্ৰান্তৰ সংখ্যা আছিল ১৯.৫শতাংশ ।হাস্পতালত ভৰ্তি হোৱাসকলৰ ভিতৰত ৪৫.৪ শতাংশ কৰ’না আক্ৰান্তৰে শৰীৰত পূৰ্বৰে পৰা কোনো ধৰণৰ ৰোগে বাহ লোৱাটোও এই স্পষ্ট হৈছে হাস্পতালত কৰ’না আক্ৰান্ত হৈ ভৰ্তি হোৱাসকলৰ ভিতৰত ৭.৬ শতাংশ এনে ধৰণৰ লোক আছে যিসকলে পূৰ্বে ৰোগাগ্ৰস্ত আছিল যদিও বৰ্তমান ৰোগমুক্তি লাভ কৰিছিল।

চি ডি চি ৰ পৰা জনোৱা অনুসৰি শৰীৰত অন্যান্য ৰোগ থাকিলেই যে কৰ’না আক্ৰান্তৰ মৃত্যুৰ সম্ভাৱনা অধিক বৃদ্ধি পায় তেনে নহয় ।৮০ বছৰ তথা তাতোকৈ অধিক বয়সৰ কৰ’না আক্ৰান্তৰো মৃত্যুৰ হাৰ এনে ক্ষেত্ৰত বৃদ্ধি পাইছে।যিসকলৰ বয়স ৩৯ বছৰৰ অধিক তথা শৰীৰত অন্যান্য ৰোগ আছে তেনে লোকৰ কৰ’নাত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হোৱাৰ হাৰ চাৰিগুন অধিকলৈ বৃদ্ধি পাইছে মাৰ্কিন যুক্তৰাষ্ট্ৰত।চি ডি চিৰ তথ্য অনুসৰি একমাত্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰতে নহয় ,ভাৰতসহ বিশ্বৰ একাধিক দেশতো শৰীৰত অন্যান্য ৰোগত থকা কৰ’না আক্ৰান্তসকলৰ মৃত্যু আৰু হাস্পতালত ভৰ্তি হোৱাৰ হাৰ তুলনামূলকভাৱে অতিকৈ বেছি ।চি ডি চি ৰ পৰা দাবী কৰা অনুসৰি যোৱা ৩০ এপ্ৰিল পৰ্যন্ত ভাৰতত কৰ’নাত আক্ৰান্ত ৩৩ হেজাৰ ৫০ গৰাকীৰ ভিতৰত ৭৮ শতাংশৰ শৰীৰত অন্যান্য ৰোগ আছিল ।

Exit mobile version