কৰ’নাক পৰাজিত কৰিবলৈ লাগিল ৬২ দিন : বিল আঠ কোটি টকাৰ

WhatsApp Image 2020 06 18 at 12.18.24 PM

কৰ’নাক পৰাজিত কৰাৰ ক্ষেত্ৰত এক ব্যতিক্ৰম হিচাপে চৰ্চালৈ আহিছে এজন মাৰ্কিন নাগৰিক। সত্তৰোৰ্ধ্ব এইজন মাৰ্কিন নাগৰিকে কৰ’নাক পৰাজিত কৰিবলৈ দুমাহ হাস্পতালত থাকিবলগীয়া হয়; কিন্ত অভিলেখ সৃষ্টি কৰে হাস্পতাল কৰ্তৃপক্ষক দিবলগীয়া হোৱা বিলখনে । বিলৰ ধনৰাশি শুনিলে যিকোনো লোকৰে চকু কপালত উঠিব । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৱাছিংটনৰ ইচাকাওয়া চহৰত বাস কৰে মাইকেল ফ্লোৰ নামৰ এই লোকজনে । কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত যোৱা চাৰি মাৰ্চত ভৰ্তি হয় স্থানীয় চিকিৎসা কেন্দ্ৰত । ফ্লোৰৰ দৰে বয়সৰ লোকৰ ক্ষেত্ৰত সাধাৰণতে হোৱাৰ নিচিনাকৈ ইমান সহজতে পৰাজিত কৰিবলৈ সক্ষম হোৱা নাছিল কৰ’নাক । এদিন-দুদিন অথবা এসপ্তাহ -দুসপ্তাহ নহয়, সুদীৰ্ঘ ৬২দিন চিকিৎসা কেন্দ্ৰত ফ্লোৰে চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল কৰ’নাৰ পৰা উপশম পাবলৈ । ইমান দীর্ঘদিনলৈ হাস্পতালত থাকি নিশ্চিতভাৱেই অভিলেখ গঢ়ে ফ্লোৰে ।

সম্প্ৰতি কৰ’নাৰ পৰা উপশম লাভ কৰিবলৈ কোনো লোকেই ইমান দীঘলীয়াকৈ চিকিৎসাধীন হৈ থকাৰ কোনো তথ্য প্ৰকাশ পোৱা নাই । কিন্তু ইয়াৰ বাবে ফ্লোৰৰ চিকিৎসা ব্যয়ৰ বিল হয়গৈ মুঠ ১১ লাখ ২০ হেজাৰ মাৰ্কিন ডলাৰ । ভাৰতীয় মুদ্ৰাৰ হিচাপত আঠ কোটি ৬১লাখ ৩৯ হেজাৰ টকা । চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা ফ্লোৰৰ আত্মীয়ৰ হাতত তুলি দিয়া বিলখনক লৈ স্বাভাৱিকতে আৰম্ভ হৈছে চর্চা । ফ্লোৰক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়াৰ সময়ত দিয়া বিলখনৰ ধনৰাশি যিমান ডাঙৰ আছিল সিমানেই ডাঙৰ আছিল ইয়াৰ আকাৰো।বিলখনত মূল পৃষ্ঠা হৈছে ১৮১টা । বিলখনত মুঠতে তিনি হেজাৰটা দফা সংলগ্ন কৰা হৈছে । ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখ হৈছিল ভেন্টিলেটৰসহ কিছু সংশ্লিষ্ট সামগ্ৰীৰ হিচাপ । এটা সময়ত কৰ’না আক্ৰান্ত ফ্লোৰৰ হৃদযন্ত্ৰ , বৃক্ক , হাওঁফাওঁ আদি প্ৰায় সম্পূৰ্ণভাৱে বিকল হৈ পৰিছিল । তেনে এক অৱস্থাৰ পৰা ৰোগীক ওভতাই অনাটো বৃহৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছিল । বিলৰ অংকই সকলোৰে চকু কপালত তুলিলেও কিন্ত মাইকেল ফ্লোৰ বৰ্তমান সুস্থ।

Exit mobile version