চীন ভাৰতৰ সংঘৰ্ষক লৈ অব্যাহত আছে ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া

rahul

ভাৰত চীন সীমান্তক লৈ চৰকাৰক বিভিন্ন মন্তব্যৰে থকা সৰকা কৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ৷বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে টুইটাৰ যোগে প্ৰকাশ কৰে যে চৰকাৰে কোনো ধৰণৰ অস্ত্ৰ নিদিযাকৈ ভাৰতীয় জোৱানসকলক সীমান্তত শ্বহীদ হ’বলৈ কিয় পঠাইছিল ৷চীনে আমাৰ দেশৰ বীৰ জোৱানসকলক আক্ৰমণ কৰিবলৈ ইমান সাহস ক’ত পালে?

ADVERTISEMENT

অৱশ্যে ৰাহুল গান্ধীৰ এই টুইটৰ পিছত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে গালৱান উপত্যকালৈ আমাৰ জোৱান সকল অস্ত্ৰ শস্ত্ৰৰে সু সজ্জিত হৈ গৈছিল ৷ লগতে বৈদেশিক মন্ত্ৰী জয়শংকৰে চুক্তিৰ কথা উত্থাপন কৰি কয় যে যি কোনো পৰিস্থিতিত ভাৰতীয় সেনাই অস্ত্ৰৰ ব্যৱহাৰ কৰিব নোৱাৰে।

আনহাতে বুধবাৰে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশ্ন কৰিছিল যে দেশৰ এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰী নিমাত কিয়? প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উত্তৰ দিয়ক যে চীনে এনেধৰণৰ পৰিস্থিতি সংঘটিত কৰিবলৈ ক’ত সাহস পালে । উল্লেখযোগ্য যে সোমবাৰে নিশা গালৱাল উপত্যকাত ভাৰত চীন সীমান্তত হোৱা সংঘৰ্ষত ভাৰতীয় ২০ জন সেনা শ্বহীদ হোৱাৰ লগতে চীনৰ প্ৰায় ৪৩ জন সেনাৰ মৃত্যু হয়। ইপিনে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ ওপৰিও প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক উদ্দেশ্য কৰি কিছুমান টুইট কৰিছিল।

সেই টুইটসমূহত ৰাহুল গান্ধীয়ে ৰাজনাথ সিঙক প্ৰশ্ন কৰিছিল যে আপুনি চীনৰ নাম কিয় লোৱা নাই? ভাৰতীয় সেনাৰ ক্ষেত্ৰত শোক ব্যক্ত কৰোঁতে কিয় দুদিন সময় ল’লে ?আপুনি কিয় লুকাই আছে ? অৱশ্যে চীন ভাৰতৰ সীমান্ত সংঘৰ্ষত শ্বহীদ হোৱা ২০ জন সৈনিকৰ পৰিয়ালক সহায় সহযোগিতা কৰাৰ সম্পূৰ্ণ আশ্বাস প্ৰদান কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ।

Exit mobile version