তলাবন্ধৰ মাজতে সম্ভাৱনাৰ বাট দেখুৱাইছে ওদালগুৰিৰ জ্যোতিষ ডেকাই

IMG 20200617 WA0020 01

বিশ্বজুৰি কৰ’না ভাইৰাছৰ সন্ত্ৰাসে বৰ্তমান মানৱ জাতিক এক অকল্পনীয় ভৱিষ্যতৰ ভয়াৱহ ইংগিত প্ৰদান কৰিছে। ভয়াৱহ কৰ’না মহামাৰীৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থত অব্যাহত থকা তলাবন্ধৰ বাবেই এতিয়া দেশৰ অৰ্থনীতি বিপদাপন্ন হৈ পৰিছে। সমান্তৰালভাৱে নিজৰ ৰাজ্যৰ পৰা অন্য ৰাজ্যলৈ কৰ্মৰ সন্ধানলৈ গৈ বিভিন্ন ব্যক্তিগত খণ্ডত কৰ্মৰত লোকসকল নিজ নিজ ৰাজ্যলৈ ঘুৰি আহিছে। যাৰ ফলত অনাগত দিনবোৰত সমগ্ৰ ভাৰতবৰ্ষতে নিবনুৱা সমস্যাই ভয়াবহৰূপে গা কৰি উঠাৰ ইংগিত পোৱা গৈছে।

ঠিক এনে পৰিবেশৰ মাজতে ওদালগুৰি জিলাৰ ঝাৰগাঁৱৰ জ্যোতিষ ডেকা নামৰ যুৱকজনে নিজৰ উদ্ভাৱনী চিন্তাৰে পশু পালক তথা নিবনুৱাসকলৰ প্ৰতি এক আশাৰ সঞ্চাৰ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ আহ্বান জনাইছে দেশবাসীক। অভাৱেই আৱিষ্কাৰৰ মূল- বাক্যশাৰী প্ৰয়োগিক দিশত স্থান পালে যুৱকজনৰ ক্ষেত্ৰত।তলাবন্ধই জীৱন আৰু জীবিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি  কৰাৰ সময়তে  নিজৰ উদ্ভাৱনী চিন্তা-শক্তিৰে কৃষক কনক ডেকা আৰু মাতৃ বালিকা ডেকাৰ পুত্ৰ জ্যোতিষ ডেকাই অতি কম খৰচতে পোহনীয়া চৰাইৰ কণীৰ পৰা সহজেই পোৱালী পোৱালী জন্মোৱা এবিধ যন্ত্ৰ তৈয়াৰ কৰি উলিয়াইছে।

এই উদ্ভাৱনৰ জৰিয়তে স্বাভাৱিকতে পশুপালনক নিজৰ পেছা হিচাপে লৈ আগবাঢ়িব বিচৰা নিৱনুৱাসকল স্বাৱলম্বী হোৱাৰো এক বাট মুকলি হৈছে ৷ কৰ’না ভাইৰাছ সংক্ৰমন ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা তলাবন্ধৰ সময়ছোৱাত নিজ ঘৰত আৱদ্ধ  থাকিয়ে ওদালগুৰিৰ কৃষি বিজ্ঞান কেন্দ্ৰ সহযোগত মাত্ৰ ৩২০০ টকা ব্যয় কৰি এবাৰতে ২০০ টা কণীৰ পৰা পোৱালী উৎপাদন কৰিব পৰা এই যন্ত্ৰটো উদ্ভাৱন কৰি উলিয়াইছে জ্যোতিষ ডেকা নামৰ যুৱকজনে।

ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ পশু বিজ্ঞান বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ ডাক্তৰ প্ৰদীপ ৰাজবংশীৰ তত্বাৱধানত কাৰিকৰী  আৰু বৈজ্ঞানিক জ্ঞান আহৰণ কৰাৰ লগতে ইন্টাৰনেট, ইউটিউব মাধ্যমৰ সহায়ত যুৱকজনে এই প্ৰকল্পটি সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি তুলিছে। বিভিন্ন জাতৰ উন্নত মানৰ হাঁহ, কুকুৰা, বটা চৰাইৰ কণীৰ পৰা পোৱালী উৎপাদন কৰি  ইতিমধ্যে ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে যুৱকজনে। দেশৰ তলাবন্ধৰ মাজতে যুৱকজনে  নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰে পশু পালকসকলৰ বাবে সীমিত ব্যয়ৰে চাৰিটা যন্ত্ৰ‌ও প্ৰস্তুত কৰিছে।

ইয়াৰ ফলত বিশেষকৈ জিলা খনৰ পশু পালকসকলে কম খৰচতে হাঁহ, কুকুৰা পোৱালী পাবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ পশু বিজ্ঞান বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ ডাক্তৰ প্ৰদীপ ৰাজবংশীয়ে। ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী তথা জেষ্ঠ বিজ্ঞানী ডক্তৰ দেৱাশীষ বড়াই যুৱকজনৰ এনে উদ্ভাৱনৰ শলাগ লৈ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ নিদৰ্শন দাঙি ধৰিবলৈ যুৱচামৰ প্ৰতি আহ্বান জনায়।

Exit mobile version