পশুপতি মন্দিৰত স্পৰ্শ অবিহনেই বাজে ঘণ্টা

WhatsApp Image 2020 06 18 at 12.09.54 PM

দুমাহতকৈও অধিক অপেক্ষাৰ অন্তত মন্দিৰত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ভক্তসকল । মন্দিৰত প্ৰৱেশৰ অনুমতি লাভ কৰিলেও ভক্তসকলক মন্দিৰৰ সামগ্ৰী স্পর্শ কৰাত বাধা দিয়া হৈছে; কিন্ত মন্দিৰলৈ গৈ যদি ঘণ্টা বজাব নোৱাৰে তেনেহ’লে মন্দিৰ দৰ্শনৰ মনোবাঞ্ছা পূৰ্ণ নহয় ভক্তৰ । সেয়েহে এক অভিনৱ পন্থা গ্ৰহণ কৰা হ’ল মধ্য প্ৰদেশৰ এটি মন্দিৰত । প্ৰযুক্তিৰ সহায়ক ভক্তৰ স্পৰ্শ অবিহনেই ব্যৱস্থা কৰা হ’ল মন্দিৰৰ ঘণ্টাৰ বজাৰ ।মধ্য প্ৰদেশৰ মান্দচৌৰত থকা পশুপতিনাথ মন্দিৰত গ্ৰহণ কৰা হৈছে এই অভিনৱ পন্থা । মহিলা ভক্তৰ উপস্থিতিত সকলো সময়তে গিজগিজাই থাকে মন্দিৰ চৌহদ; কিন্ত তলাবন্ধৰ ফলত এতিয়া সকলো ইতিহাস ।

সংক্ৰমণ ৰোধ কৰিবলৈ ভিৰ এৰাই চলিছে মন্দিৰলৈ অহা ভক্ত সকলে । অৱশ্যে প্ৰৱেশৰ সময়তে ঈশ্বৰক নিজ উপস্থিতি জনাবলৈ স্বভাৱগত ভাৱেই ভক্তৰ হাত আগবাঢ়ি যায় মন্দিৰৰ ঘন্টাৰ ফালে; কিন্ত ঘণ্টা বজাবলৈ মন্দিৰৰ কৰ্তৃপক্ষই এক নতুন পন্থা অৱলম্বন কৰে । মন্দিৰত চেন্সৰযুক্ত এটি ঘণ্টা ওলোমাই দিয়া হয় ।ফলত ঘণ্টাৰ ওচৰলৈ হাতখন নিলেই বাজি উঠে ঘণ্টাটো । হাতখন কিছু দূৰলৈ আঁতৰাই আনিলেই মৌন হৈ পৰে ঘণ্টা । পশুপতিনাথ মন্দিৰৰ বাবে ঘণ্টাটো তৈয়াৰ কৰিছে এজন মুছলিম বৃদ্ধিই । ৭৬ দিনৰ অন্তত মন্দিৰটোৰ দুৱাৰ ভক্তৰ বাবে মুকলি কৰি দিয়া হৈছে । ভক্তসকল পুনৰ মন্দিৰলৈ আহিবলৈ পোৱাত আনন্দিত হৈ পৰিছে । মন্দিৰ কৰ্তৃপক্ষৰ এই অভিনৱ পন্থাৰ বাবে ভক্ত সকলে ধন্যবাদো জ্ঞাপন কৰিছে ।

Exit mobile version