ভাৰত চীন সীমান্তৰ সংঘৰ্ষৰ ভয়াৱহতা সুঁৱৰিলে ভাৰতীয় সেনাই

border

কেৱল মাৰপিট,থেলা হেচাঁৰ ঘটনাতে ২০ জন ভাৰতীয় সেনা নিহত হ’ল ৷ভাবিলে যেন আশ্চৰ্যৰ প্ৰশ্ন মনত উদয় হয় যে কোনো আগ্নেয়াস্ত্ৰ,অত্যাধুনিক মাৰণাস্ত্ৰ,বন্দুক বাৰুদ নোহোৱাকৈ এনে বৃহৎ সংখ্যকৰ মৃত্যু কি দৰে সম্ভৱ ? ইতিমধ্যে কালিয়ে এই প্ৰশ্নৰ আংশিকভাবে অৱতাৰণা হৈছিল আৰু সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰ হোৱা প্ৰাণঘাতী লোহাৰ ৰডে উত্তৰ অধিক স্পষ্ট কৰিছে ৷

কি উদ্ধাৰ হ’ল ঘটনাস্থলীত?
প্ৰায় চাৰি ফুট দীঘল লোহাৰ ৰ’ড ৷ইয়াৰ মূৰৰ দিশত একৰ পৰা ডেৰফুট অংশত শাৰী শাৰী গজাঁলৰ দৰে জোঙাল লোহাৰ কাঁইট লগোৱা আছে ।ঘাৰ আচাঁৰত মুহুততে ক্ষত বিক্ষত হ’ব পাৰে দেহ ৷যেন প্ৰাচীন যুগৰ কোনো ৰজা মহাৰজৰ যুদ্ধাস্ত ।এনে ধৰণৰ লোহাৰ কাঁইট লগোৱা ৰড উদ্ধাৰ হৈছে লাডাখৰ সীমান্তৰ গালৱান উপত্যকাৰ সংঘৰ্ষস্থলীত। ভাৰতীয় সেনাৰ এক সূত্ৰত প্ৰকাশ যে এনে জোঙাল ৰড সদৃশ অস্ত্ৰৰে চীনা বাহিনীয়ে আক্ৰমণ কৰিছিল ভাৰতীয় সেনাক ।সেনা বিষয়াৰ দাবী অনুসৰি “ক্লোজ কমৰেট” বা নিৰ্ঘাত মুষ্টিযুদ্ধৰ পৰ্যায়ত এই ধৰণৰ ৰডৰ আঘাত আগ্নেয়াস্ত্ৰতকৈ বহু বেছি প্ৰাণঘাতী। চীনা সেনাৰ হাতত আছিল জোঙাল মূৰৰ লোহাৰ ৰডৰ উপৰি,কাঁইটীয়া তাৰ মেৰুওৱা শিল ৰড,চৌপাশে গজালযুক্ত লোহাৰ ৰড ৷সূত্ৰত প্ৰকাশ যে আহত জোৱানে সদৰী কৰা অনুসৰি প্ৰায় একে কোম্পানী অৰ্থাৎ এশৰ পৰা ১২০ জন সেনা চীনা বাহিনীৰ আক্ৰমণৰ সন্মুখীন হয় ৷তেওঁলোকৰ ভাষ্য অনুসৰি এই আক্ৰমণ আছিল পূৰ্ব পৰিকল্পিত ৷ইপিনে সম্প্ৰতি আহত চাৰিজন জোৱানৰ শৰীৰ সুস্থ হৈ উঠিছে ৷হতাহত জোৱানৰ অধিকাংশৰে মূৰত আঘাতৰ চিন স্পষ্ট।

সেনাক স্বাধীনতাঃবিশেষ বৰ্ষ
অৱশ্যে উত্তেজনা প্ৰশমিত কৰাৰ বাবে দ্বিপাক্ষিক আলোচনাৰ মাজতো প্ৰকৃত নিয়ন্ত্ৰণৰেখাত দুইপক্ষৰ সামৰিক প্ৰস্তুতি তুংগত আছে। সূত্ৰত প্ৰকাশ যে নতুন দিল্লীৰ পৰা সেনাক প্ৰয়োজন অনুসাৰে ৰছদ পাতি ক্ৰয়ৰ অনুমোদন দিয়া হৈছে ।তদুপৰি নিয়ন্ত্ৰণৰেখাত কৰ্তব্যৰত সেনাৰ বাবে “বডি আৰম”বা বিশেষ ধৰণৰ বৰ্ষৰ দৰে পোচাক প্ৰেৰণ কৰা হৈছে ।আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত আৰক্ষীয়ে পৰিধান কৰা বিশেষ বৰ্ষসদৃশ এই পোচাকে অৱশ্যে চোকা অস্ত্ৰৰ আঘাত ৰুধিব পাৰিব।

Exit mobile version