ভাৰত চীন সীমান্ত সংঘৰ্ষ

border

ভাৰত চীন সীমান্তক দেশত সম্প্ৰতি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। সেই সময়তে চীনত নিৰ্মিত সামগ্ৰী ভাৰতবৰ্ষত নিষিদ্ধ কৰিবলৈ ছ’চিয়েল মিডিয়াৰ লগতে সৰৱ হৈছে একাংশ দল সংগঠন । ইয়াৰ মাজতে আজি চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ প্ৰবক্তা হুৱা চুনৱিঙে পুনৰ চীন ভাৰত সন্দৰ্ভত মন্তব্য কৰি সংঘৰ্ষৰ কাৰণে ভাৰতকে দোষী সাব্যস্ত কৰে ৷তেওঁ কয় যে ভাৰতে চুক্তি উলংঘা কৰাৰ পিছতেই ভাৰত চীনৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় ৷

ইয়াৰ পূৰ্বে চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ প্ৰবক্তা ঝাঅ’ লিজিয়নে গালৱান উপত্যকা পূৰ্বৰে পৰা চীনৰে আছিল বুলি সকীয়াই দিয়ে ৷লগতে কয় যে ভাৰতীয় সেনাই চীন সীমান্তৰ প্ৰ’টকল উলংঘন কৰিছে ৷ ভাৰতীয় সেনাক উচতনি মূলক কাৰ্যৰ পৰা বিৰত থাকি আলোচনাৰ মাজেৰে সীমান্তৰ বিবাদ সমাধান কৰিবলৈ আহ্বান কৰে ঝাও লিজিয়নে।

ইফালে এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি চীন ভাৰতৰ এই সংঘৰ্ষত বহু লোকচানৰ সন্মুখীন হৈছে চীন ৷কাৰণ চীনৰ সীমান্ততো সঘন এম্বুলেন্সৰ আৰু আকাশমাৰ্গেৰে বিমানৰ আহ যাহ পৰিলক্ষিত হৈছে ৷ ইফালে এক সূত্ৰৰ খবৰ অনুসৰি ভাৰত চীনৰ সংঘৰ্ষত চীনৰ কিমান জন সৈন্যৰ মৃত্যু হৈছে তাৰ সঠিক তথ্য লাভ কৰা নাই যদিও মৃত্যু হোৱা জোৱানৰ সংখ্যা ৪০ জন বা তাতকৈ অধিক হ’ব বুলি ধৰা হৈছে ৷

আনহাতে ভাৰত চীনৰ সংঘৰ্ষৰ উত্তেজনাৰ সময়তে আমেৰিকাৰ এজন উচ্চ প্ৰশাসনিক বিষয়াই কয়”আমি সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছো। আমি বিচাৰো যে ভাৰত আৰু চীনে আলোচনাৰ মাজেৰে সীমান্তৰ বিবাদ সমাধান কৰে ৷অৱশ্যে ভাৰত চীন সীমান্তৰ সংঘৰ্ষৰ সন্দৰ্ভত বাৰে ভাৰতক দোষী সাব্যস্ত কৰা মন্তব্যক ভাৰতে কি দৰে লয় সেয়া হ’ব লক্ষ্যণীয় ৷

Exit mobile version