চীনা সংস্থাই পাঁচশ কোটিৰ ঠিকা হেৰুৱালে ভাৰতত

IMG 20200619 115339 1

দেশৰ চীনা সামগ্ৰী বৰ্জনৰ আহ্বানৰ মাজতে বি এছ এন এল আৰু ভাৰতীয় ৰেলৰ পাঁচশ কোটি টকাৰো অধিক মূল্যৰ কাম হেৰুৱালে চীনা সংস্থাই ৷ চীনা সামগ্ৰী তথা সেৱা বৰ্জনক লৈ কোনো আনুষ্ঠানিক সিদ্ধান্ত নহ’লেও ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে বি এছ এন এলক নিৰ্দেশ দিছে যাতে ৪ জি আপগ্ৰেডৰ কামত চীনা সামগ্ৰী ব্যৱহাৰ কৰা নহয় ৷ অকল এয়ে নহয় ৰেল বিভাগৰো বৃহৎ ঠিকা হেৰুৱালে চীনা সংস্থাই ৷ ৰেলৰ সূত্ৰত প্ৰকাশ যে ইষ্টাৰ্ণ ডেডিকেটড ফ্লেট ক’ৰিডৰৰ ছিগনেলিং ছিষ্টেম নিৰ্মাণৰ বাবে পাঁচশ কোটি টকাৰ ঠিকা আৱন্টন বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ এই প্ৰকল্পৰ অৰ্থ সাহাৰ্যকাৰী বিশ্ব বেংকক ইতিমধ্যে বিষয়টো জনোৱা হৈছে বুলি প্ৰকল্পৰ মুৰব্বীৰ সূত্ৰত প্ৰকাশ ।

উল্লেখযোগ্য যে এই ক’ৰিডৰৰ বাবে উত্তৰ প্ৰদেশৰ নিউ ভানপুৰৰ পৰা মোগলচৰাই পৰ্যন্ত ৪১৩ কিলোমিটাৰ ৰেল লাইন স্থাপনৰ কাম চলি আছে৷ ইয়াত অৰ্থ সাহায্য দিছে বিশ্ব বেংকে। এই প্ৰকল্পত ছিগনেলিং যাৱতীয় কামৰ আৱন্টন লাভ কৰিছিল ৰেলৰ যন্ত্ৰাংশ প্ৰস্তুতকাৰী চীনা সংস্থা “চাইনা ৰেলৱে ছিগনেল এণ্ড কমিউনিকেশ্যনছ কৰ্প’ৰেচনে ৷ এই কামৰ বাবে ২০১৬ ত পাঁচশ কোটি টকাৰ আৱন্টন দিয়া হৈছিল। চি আৰ এছ চিৰ দায়িত্ব আছিল যন্তপাতি, নক্সা তৈয়াৰ কৰি সেই অনুযায়ী সামগ্ৰী নিৰ্মাণ আৰু সৰবৰাহ তথ্য সংস্থাপন ৷ এই চীনা সংস্থাৰ কাম কাজত ইতিমধ্যে অসন্তুষ্ট হৈছিল কৰ্তৃপক্ষ ৷ ডেডিকেটড ফ্লেট কৰিডৰ কৰ্পৰেশ্যন অৱ ইণ্ডিয়া লিমিটেডে ইতিমধ্যে আৱন্টন বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

Exit mobile version