চুবুৰীয়াৰ আচৰণত হতাশ কৰ’নাত সুস্থ হোৱা মৃণাল

IMG 20200619 221813

বহিঃৰাজ্যৰ পৰা আহি মহানগৰীৰ হোটেলত কোৱাৰেন্টাইনত থকাৰ সময়তে কৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিষয়ে অৱগত আছিলো । অৱশ্যে ইয়াক লৈ আতংকিত হোৱা নাছিলো । সম্পূৰ্ণ স্বাভাৱিকভাৱে চিকিৎসক তথা চিকিৎসাকৰ্মীয়ে দিয়া পৰামৰ্শসমূহ আখৰে আখৰে পালন কৰি এসপ্তাহ চিকিৎসাধীন হৈ থকাৰ পাছত সুস্থ হৈ ঘৰলৈ ওভতি আহিলো ৷ কিন্তু তাৰ পাছত এতিয়া চুবুৰীয়াৰ আচৰণৰ বাবে ঘৰ এৰি যাবলৈ মন গৈছে । এই মন্তব্য কৰ’নাৰ পৰা সুস্থ হোৱা মহানগৰীৰ আজাৰা গড়ল নিবাসী তথা লংকেশ্বৰস্থিত “মাচুল ফ্লেক্স জিম’ৰ প্ৰশিক্ষক মৃণাল ঠাকুৰীয়াৰ ৷

“দৈনিক অগ্ৰদূত”ৰ আগত নিজৰ অভিজ্ঞতাৰ বিৱৰণ দাঙি ধৰি শৰীৰ চৰ্চাবিদ ঠাকুৰীয়াই কয় “সঘনাই বমি হৈ থকাৰ লগতে জণ্ডিছত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিততে চিকিৎসাজনিত কাৰণত যোৱা ২১ মাৰ্চত হায়দৰাবাদলৈ গৈছিলো ৷ লগত আছিল মোৰ দেউতা তথা আভ্যন্তৰীণ জল পৰিবহন  বিভাগৰ কৰ্মচাৰী লোহিত চন্দ্ৰ ঠাকুৰীয়া আৰু সম্বন্ধীয় ভ্ৰাতৃ নিতুল কাকতি ৷ হায়দৰাবাদৰ এ আই জি হাস্পতালত প্ৰয়োজনীয় সকলো পৰীক্ষা নিৰীক্ষা সম্পন্ন হোৱাৰ পাছতো তলাবন্ধৰ বাবে তাতেই আৱদ্ধ হৈ থাকিবলগীয়া হয় ৷”

পাছত যোৱা ১৭ মে’ত বাছেৰে আহি গুৱাহাটীত উপস্থিত হোৱাৰ কথা ব্যক্ত কৰি তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত তলাবন্ধৰ নীতি নিৰ্দে শিথিল কৰাৰ বাবে হায়দৰাবাদৰ পৰা বাছেৰে আহি গুৱাহাটী উপস্থিত হোৱাৰ পাছতে হোটেলত কোৱাৰেন্টাইনত থকাৰ পৰামৰ্শ দিয়ে প্ৰশাসনে ৷ লগতে কোৱাৰেন্টাইনত থকাৰ সময়তে স্বাস্থ্য বিভাগে সংগ্ৰহ কৰে লেলাউটি নমুনা আৰু যোৱা ২৩ মে’ত ফলাফল পজিটিভ আহে ৷ ইয়াৰ পিছতে সিদিনাই এম্বুলেন্সৰে নি স্বাস্থ্য বিভাগৰ দলে মহানগৰীৰ পানবজাৰৰ মহেন্দ্ৰ মোহন হাস্পতালত ভৰ্তি কৰায় ৷

এসপ্তাহৰ অন্তত কৰ’নামুক্ত হোৱাৰ কথা উল্লেখ কৰি তেওঁ পুনৰ কয় “হায়দৰাবাদৰ পৰা একেলগে অহাৰ পাছতো মোৰ দেউতাৰ শৰীৰত ধৰা নপৰিল  কৰ’নাৰ অৱস্থিতি । অৱশ্যে মোৰ লগতে সম্বন্ধীয় ভ্ৰাতৃ নিতুল কাকতিৰো শৰীৰত কৰ’না ভাইৰাছ ধৰা পৰে  ইয়াৰ পাছতে দুয়ো আহি মহেন্দ্ৰ মোহন হাস্পতালত ভৰ্তি হওঁ ৷ সুস্থ হোৱাৰ পিছত ঘৰলৈ অহাৰ পিছৰ পৰিস্থিতিৰ বিষয়ে তেওঁ কয় “মই হাস্পতালৰ পৰা অহাৰ আগেয়ে দেউতাকো ঘৰতে কোৱাৰেন্টাইন কৰি ৰখা হৈছিল ৷ এবাৰো বাহিৰলৈ ওলোৱা নাছিল । অথচ দেউতাৰ শৰীৰত ধৰা পৰা নাছিল কৰ’নাৰ অৱস্থিতি ৷ ইয়াৰ পাছতো আমাৰ পৰিয়ালক চুবুৰীয়া দুই এজনে হীন দৃষ্টিৰে চাবলৈ ধৰে ৷ সেই সময়ত ময়ো ঘৰলৈ আহো আৰু তেতিয়াৰে পৰা আমাৰ ঘৰলৈ মানুহ অহা যোৱা বন্ধ কৰি দিয়ে ৷ কোৱাৰেন্টাইনত থকাৰ সময়ত নীতি নিয়ম মানি চলাটো নিশ্চয়কৈ আদৰণীয় ৷ কিন্তু কোৱাৰেন্টাইন সময় পাৰ হৈ যোৱা প্ৰায় এক ডেৰ মাহ পিছতো চুবুৰীয়াৰ দুই এজনে কটু কথা কোৱা কাণত পৰিছে ৷ চুবুৰীয়াৰ এনে আচৰণত হতাশ হৈ ঘৰ এৰি যাবলৈকে মন গৈছে।”

ৰোগৰ পৰিৱৰ্তে ৰোগীৰ বিৰুদ্ধে যুঁজ দিয়াটো উচিত বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে কৰ’নাক লৈ এচাম মানুহ বেছি আতংকিত হৈছে ৷ কিন্তু আতংকিত হোৱাৰ পৰিৱৰ্তে সজাগ সচেতন হোৱাটোহে উচিত ৷ ব্যক্তিগতভাৱে স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি নিৰ্দেশনা তথা চিকিৎসকৰ পৰামৰ্শ মানি চলা বুলি উল্লেখ কৰি ঠাকুৰীয়াই কয় “জিমৰ প্ৰশিক্ষক হিচাপে কাম কৰিলেও বৰ্তমানে আমাৰ জিম বন্ধ আছে ৷ ইয়াৰ বাবে নিয়মিত ঘৰতে শৰীৰ চৰ্চা অব্যাহত ৰাখিছো ৷ লগতে নিয়মিতভাৱে বিভিন্ন ফলমূল তথা কণী মাংস আদিকে ধৰে পূৰ্বৰ দৰে খোৱা ৱোৱা কৰি আছো ৷ সম্পূৰ্ণভাৱে স্বাভাৱিক হৈ থকাৰ পিছতো মানুহৰ এনে ব্যৱহাৰত অত্যন্ত দুখ পাইছো। উল্লেখযোগ্য যে ২০১৯ ত থাইলেণ্ডত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিযোগিতাৰ ৮০ কিলোগ্ৰাম শাখাত “মিঃ ইউনিভাৰ্ছ” খিতাপ দখল কৰিছিল।

Exit mobile version