প্ৰথম বিশ্বযুদ্ধৰ তুলনাত কৰ’নাত অধিক লোকৰ মৃত্যু আমেৰিকাত

risjjad13 1586311430

কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ তুলনাত সৰ্বাধিক স্থানত আছে আমেৰিকা । প্ৰথম বিশ্বযুদ্ধত আমেৰিকাত যিমান মানুহৰ মৃত্যু হৈছিল, তাতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে ক’ভিড-১৯ ত । জন হপ’কিন্স বিশ্ববিদ্যালয়ৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে । বিগত ২৪ ঘন্টাতে আমেৰিকাত ৭৪০জন ক’ভিড-১৯ আক্ৰান্তৰ মৃত্যু হয় । ফলত মঙলবাৰৰ নিশা ৮-৩০ বজা পৰ্যন্ত দেশখনত মৃতকৰ সংখ্যা হ’লগৈ এক লাখ ১৬ হেজাৰ ৮৫৪ জন । কিন্ত যোৱা ২৪ ঘন্টাত পুনৰ সংখ্যা বৃদ্ধি পায় । বিগত মাত্ৰ ২৪ ঘণ্টাতে নতুনকৈ আক্ৰান্ত হয় ২৩ হেজাৰ ৩৫১ জন । ফলত মংগলবাৰ নিশা ৮-৩০ বজা পৰ্যন্ত আক্ৰান্তৰ মুঠ সংখ্যা হ’লগৈ ২১ লাখ ৩৪হেজাৰ ৯৭৩জন ।

বিশেষজ্ঞৰ মতে,আগন্তুক দিনত এই সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাব । ইপিনে, তলাবন্ধ প্ৰত্যাহাৰ কৰাৰ পাছত আমেৰিকাবাসীয়ে লাহে লাহে স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিছে । নতুনকৈ হৈখুলিছে ব্যৱসায়- বাণিজ্য । অৱশ্যে সংক্ৰমণৰ এই পৰিস্থিতিত তলাবন্ধ প্ৰত্যাহাৰ কৰাৰ বাবে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প যথেষ্ট সমালোচিত হৈছে । যি সময়ত গড়ভিত্তিত প্ৰতিদিনে প্ৰায় ২০হেজাৰৰ অধিক লোক সংক্ৰমিত হৈ আছে, তেনে পৰিস্থিতিত ট্ৰাম্পে কিদৰে তলাবন্ধ প্ৰত্যাহাৰ কৰি দেশখনক স্বাভাৱিক কৰিবলৈ চেষ্টা কৰিছে বুলিও বহুতে সমালোচনা কৰিছে ।

Exit mobile version