প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্বদলীয় বৈঠকত সহযোগিতা সকলো দলৰ

Modi 1 20200617 571 855

গালৱানত চীনে ভাৰতীয় সৈনিক ওপৰত কৰা আক্ৰমণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা সৰ্বদলীয় বৈঠকখনত সকলোৱে সহযোগিতা আগবঢ়াইছে । এই বৈঠকখনত ২০ টা দলে অংশ লৈছিল । ইয়াৰ ভিতৰত তৃণমূলকে ধৰি ১০ টা দলেই চৰকাৰৰ পক্ষক লৈ কয় যে প্ৰয়োজন অনুসাৰে আমি চৰকাৰৰ লগত আছো । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই কয় যে চৰকাৰ শক্তিশালী, দুৰ্বল নহয় ৷ লগতে উৰ্দ্ধৱ থাকৰেই চীনক সমালোচনা কৰি কয় যে আমাৰ চৰকাৰৰ চীনক ৰুধিব পৰা শক্তি আছে । কিন্তু ইয়াৰ বিপৰীতে কেৱল কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক অনুসন্ধানৰ ওপৰত বিভিন্ন প্ৰশ্ন কৰে ।

কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে মোদীক প্ৰশ্ন কৰি কয় যে এই বৈঠকখন কিছুদিন পূৰ্বেই হ’ব লাগিছিল ৷ এতিয়াও ভাৰত চীন  সীমান্তৰ সন্দৰ্ভত বহু কথা পোহৰলৈ অহা নাই। চীনৰ সৈনিক ভাৰতীয় সেনাক আক্ৰমণ কৰাৰ কথা চৰকাৰে কেতিয়া জানিলে সেয়া আমি জানিব বিচাৰো ৷ লগতে চৰকাৰৰ পৰা কিছুমান চেটেলাইটৰ ছবিও বিচাৰে ছোনিয়াই । ইফালে তৃণমূল কংগ্ৰেছে ছোনিয়া গান্ধীৰ বিপৰীতে গৈ চৰকাৰৰ পক্ষ লৈ কয় যে সৰ্বদলীয় বৈঠকখন সম্প্ৰতি অতিকে প্ৰয়োজনীয় ৷ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে আমি সকলো একত্ৰিত হৈ আছো আৰু আমাৰ সৈনিকসকলো সুৰক্ষিত হৈ আছে ৷ জনতা দল ইউনাইটেডৰ অধ্যক্ষ নীতিশ কুমাৰে কয় যে সমগ্ৰ দেশ চীনৰ বিৰুদ্ধে স্থিতি লৈছে ।গতিকে এই সময়ত আমাৰ মাজত কোনো মতভেদ থাকিব নালাগে ।

আনহাতে চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে ৷ ইয়াৰোপৰি ডিএমকে, এনপিপি, তেলেংগনাৰ মুখ্যমন্ত্ৰীয়েও প্ৰধানমন্ত্ৰী মোদীৰ ওপৰত সম্পূৰ্ণ আশ্বাস প্ৰদান কৰে। উল্লেখযোগ্য যে দেশৰ সীমান্ত সমস্যাৰ সন্দৰ্ভত বিগত ৬ বছৰত এইখন তৃতীয়বাৰৰ কাৰণে অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠক ৷ বিগত বৰ্ষত পুলৱামাত হোৱা আক্ৰমণৰ পিছত ১৬ ফ্ৰেব্ৰুৱাৰীত সকলো দলে বৈঠক অনুষ্ঠিত কৰিছিল ৷ ইয়াৰ পূৰ্বে চাৰ্জিকেল ষ্টাইকৰ পিছত ২০১৬ ৰ ২৯ ছেপ্তেম্বৰত হৈছিল আন এখন সৰ্বদলীয় বৈঠক। অৱশ্যে এই দুয়োখন বৈঠকৰ অধ্যক্ষতা কৰিছিল ৰাজনাথ সিঙে ৷

Exit mobile version