ৰাজ্যত নতুন ৰাজনৈতিক দল ‘আঞ্চলিক গণ মৰ্চা’

WhatsApp Image 2020 06 19 at 3.23.21 PM

সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন প্ৰাক্ মুহূৰ্তত ৰাজ্যত কেবাটাও আঞ্চলিক ৰাজনৈতিক দ’লৰ যৌথ প্ৰচেষ্টাত আত্মপ্ৰকাশ হ’ল ‘আঞ্চলিক গণ মৰ্চা’ সাংসদ অজিত ভূঞাৰ নেতৃত্বত গঠন হৈছে ‘আঞ্চলিক গণ মৰ্চা’ নামৰ নতুন ৰাজনৈতিক দলটো। ‘গুৱাহাটী প্ৰেছ ক্লাব’ত শুকুৰবাৰে এক সংবাদমেলত এই কথা প্ৰকাশ কৰে মঞ্চই ৷ এই ক্ষেত্ৰত অসমৰ জাতীয়তাবাদী নেতাৰ স’তে লগলাগি শীঘ্ৰে মিলিত হ’ব এক আলোচনা চক্ৰত ৷ এই দলটোৰ জৰিয়তে জাতীয় সংগঠন, শিল্পী সমাজৰ লগত আলোচনাত মিলিত হ’ব নতুন ৰাজনৈতিক দলৰ বিষয়ববীয়া৷ জাতীয়বাদত বিশ্বাসী লোকৰ স’তে যোগাযোগ কৰিব মঞ্চই ৷

ADVERTISEMENT

দলটোৰ মূল উদ্দেশ্য হৈছে আগন্তুক নিৰ্বাচনত বিজেপিক গাদীচ্যুত কৰা ৷ অবৈধ হিন্দু-বাংলাদেশীক সংস্থাপন দি পুনৰবাৰ শাসনৰ গাদীত বহিব বিচাৰিছে বিজেপিয়ে ৷ বিজেপিক সাৱধান কৰি আঞ্চলিক গণমঞ্চৰ হুংকাৰ প্ৰদান কৰি ইয়াৰ বিৰুদ্ধে গঢ়ি তুলিব আন্দোলন ৷ বিজেপিয়ে অসমত অসমীয়াক সংখ্যালঘু কৰিবলৈ সমষ্টি পুনঃনিৰ্ধাৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে ৷ প্ৰফুল্ল কুমাৰ মহন্ত এই মৰ্চাৰ অন্তভুক্ত হ’ব বিচাৰিলে বিবেচনা কৰিব বুলিও কয় এই দলটোৱে ৷

Exit mobile version