অসুস্থ পিতৃৰ কাষলে বহিঃৰাজ্যৰ পৰা ঢপলিয়াই আহিও কোৱাৰেন্টাইনৰ বাবে চাবলে নাপালে পিতৃৰ মুখ

222

সুদুৰ বাঙ্গালোৰৰ পৰা অসুস্থ পিতৃৰ কাষলৈ ঢপলিয়াই আহিও কোৱাৰেন্টাইনৰ বাবে অন্তিম সময়ত নিজৰ পিতৃৰ মুখখনো চাবলৈ নোপোৱা এক যুৱকৰ কৰুণ কাহিনীয়ে আজি মৰিয়নিৰ নাগাজাংকা অঞ্চল জোকাৰি যায় । এই সম্পৰ্কত জানিব পৰা মতে, কৰ্মসূত্ৰে বাঙ্গালোৰত থকা নাগাজাংকা পাঞ্চোৱাল গাঁ‌ৱৰ যতীন চুতীয়া নামৰ যুৱকজন ল’ক ডাউনৰ ফলত বাঙ্গালোৰতে আৱদ্ধ হৈ পৰে । বাঙ্গালোৰৰ এটা কোম্পানীত চাকৰি কৰা যতীনে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ল’ক ডাউনৰ সময়ত ঘৰলৈ অহাৰ বিশেষ সুবিধা কৰিব পৰা নাছিল

ইফালে, বিগত কিছুদিনৰ পৰা যতীনৰ পিতৃ কলিয়া চুতীয়া শাৰীৰিকভাৱে অসুস্থ হৈ পৰে । পিতৃৰ অসুস্থৰ বাতৰি পাই ঘৰলৈ আহিবলৈ ব্যাকুল হৈ পৰে যতীন । উল্লেখ্য, কলীয়া চুতীয়াৰ পত্নীৰ বিয়োগ হোৱাৰ লগতে তিনিগৰাকী কন্যাকো বিয়া দিয়াত ঘৰত অকলশৰীয়াকৈয়ে থাকিবলগীয়া হৈছিল । তথাপি বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাছিল যদিও শেহতীয়াকৈ অসুস্থ হৈ পৰাৰ পিছত তেখেতৰ বিবাহিতা কন্যাকেইগৰাকীয়েই চোৱা চিতা কৰিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে । পিতৃক এবাৰ চোৱাৰ মানসেৰে যোৱা ৬ জুনত বাঙ্গালোৰৰ পৰা বিমানযোগে যোৰহাটলৈ আহে ।  চাৰিদিনৰ বাবে যোৰহাটত কোৱাৰেন্টাইন হ’ব লগীয়া হ’ল যতীন । চাৰিদিনৰ পিছত যোৰহাটৰ কোৱাৰেন্টাইন গৃহৰ পৰা যাবলৈ দি ১৪ দিনৰ বাবে স্থানীয় ভাৱে কোৱাৰেন্টাইনৰ নিৰ্দেশ দিয়ে ।

সেই অনুসৰি নিজ গাঁ‌ৱৰে অৰ্থাৎ পাঞ্চোৱাল গাঁও প্ৰাথমিক বিদ্যালয়ত যোৱা ৯ জুনৰ পৰা ২৪ জুনলৈ কোৱাৰেন্টাইন হয় যুৱকজন । ইফালে, দেউতাকৰ স্বাস্থ্যৰ অধিক অৱনতি হয় যদিও কোৱাৰেন্টাইনৰ বাবে ঘৰলৈ যোৱাৰো সুবিধা নাপালে । ইফালে, দেউতাকৰ স্বাস্থ্যৰো অধিক অৱনতি হ’বলৈ ধৰে । ইমানেই দূৰ্ভাগ্য যে, বাঙ্গালোৰৰ পৰা আহি ঘৰৰ ওচৰ পাইয়ো দেউতাকক দেখাৰ সৌভাগ্য নহ’ল । পিছত প্ৰশাসনক কাতৰ অনুৰোধ জনোৱাত আজি বিয়লি প্ৰশাসনে স্বাস্থ্য পৰীক্ষাৰ অন্তত যাবলৈ অনুমতি দিয়ে । কিন্তু কোৱাৰেন্টাইন গৃহৰ পৰা ঘৰ গৈ পোৱাৰ আগতেই দেউতাক পৰলোকগামী হয় । ইমানদূৰ ঢপলিয়াই আহিও শেষ মুহূৰ্তত দেউতাকৰ মুখখন দেখা নাপালে দূৰ্ভগীয়া যতীনে ।

এক শোকাকুল পৰিবেশত গাঁৱৰ ৰাইজে পিছত প্ৰয়াত দেউতাকৰ শেষকৃত্য সম্পন্ন কৰে । স্বাভাৱিকতে এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ‌ পেলাইছে । বহিঃৰাজ্যৰ পৰা অহা লোকৰ বাবে কোৱাৰেন্টাইন ব্যৱস্থাই সময়ে সময়ে কিমান সমস্যা আৰু দূখ কঢ়িয়াই আনিছে এই ঘটনাই আজি প্ৰমান কৰিলে ।

Exit mobile version