কাইলৈ বছৰৰ প্ৰথম আংশিক বলয়গ্ৰাস সূৰ্যগ্ৰহণ

20 06 2020 surya grahan 2020 20413773

পুনৰ আন এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব ৰাজ্যবাসী ৷ বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ আকাশতো অহা ২১ জুন অৰ্থাৎ কাইলৈ আংশিকভাবে দৃশ্যমান হ’ব চলিত বৰ্ষৰ প্ৰথমটো বলয়গ্ৰাস সূৰ্যগ্ৰহণ । ভাৰতীয় সময় অনুসৰি অহা কাইলৈ পুৱা ১০.৫৭ বজাৰ পৰা দুই বাজি ২৩ মিনিট ছয় ছেকেণ্ড পৰ্যন্ত মহানগৰীৰ আকাশত দৃশ্যমান হ’ব মহাজাগতিক এই পৰিঘটনা ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তত সামান্য পৰিমাণে সময়ৰ তাৰতম্য ঘটিব যদিও মহানগৰীৰ আকাশত সিদিনা সৰ্বোচ্চ গ্ৰহণ দৃশ্যমান হ’ব দিনৰ ১২ বাজি ৪৫ মিন পাঁচ ছেকেণ্ডত ৷ দৈনিক অগ্ৰদূত” আগত এই কথা সদৰী কৰি গুৱাহাটী তাৰকাগৃহৰ কিউৰেটৰ বাবুল বৰাই কয় “অহা ২১ জুনত আন এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হোৱাৰ সুযোগ পাব ৰাজ্যবাসী । বিগত বৰ্ষৰ ২৬ ডিচেম্বৰত দৃশ্যমান হোৱা এই মহাজাগতিক পৰিঘটনাৰ পুনৰাবৃত্তি হ’ব ২১ জুনত ।

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ ভাৰত আৰু উত্তৰ পূব ভাৰতত আংশিক বলৰগ্ৰাস সূৰ্য্য গ্ৰহণ দৃশ্যমান হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে কংগো, ছুদান, ইথোপিয়া, য়েমেন, ছৌদি আৰৱিয়া, ওমান, পাকিস্তানৰ লগত উত্তৰ ভাৰত আৰু উত্তৰ পূব ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে চীনৰ আকাশতো আংশিকভাবে সিদিনা দৃশ্যমান হ’ব আংশিক বলয়গ্ৰাস সূৰ্যগ্ৰহণ। মহানগৰীৰ আকাশত সৰ্বাধিক ৮০ শতাংশ আংশিক বলয়গ্ৰাহ দৃশ্যগ্ৰহণ হ’ব বুলি উল্লেখ কৰি বৰাই কয় যে ভাৰতীয় সময় অনুসৰি সিদিনা মহানগৰীৰ আকাশত এই পৰিঘটনা ১০.৫৭ বজাৰ পৰা দুই বাজি ২৩ মিনিট ছয় ছেকেণ্ড পৰ্যন্ত দৃশ্যমান হ’ব ৷ ইয়াৰ দৈৰ্ঘ্য হ’ব ৩.২৭ ঘন্টা ৷ ডিব্ৰুগড়ত এই পৰিঘটনা দৃশ্যমান হ’ব ৩.২১ ঘন্টা ৷

ইপিনে বছৰৰ প্ৰথমটো এই মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিচৰাসকলে গুৱাহাটী তাৰকাগৃহত সিদিনা কোনো সুবিধা নাপাব বুলি উল্লেখ কৰি বৰাই পুনৰ কয় যে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত যোৱা ২১ মাৰ্চৰ পৰা দৰ্শনাৰ্থীৰ বাবে বন্ধ আছে গুৱাহাটীৰ তাৰকাগৃহ ৷ লগতে গ্ৰহণৰ লগত খোৱা বোৱা কিম্বা অন্যান্য কাম কাজ কৰাৰ ক্ষেত্ৰত চলি থকা বাধা নিষেধ কোনো বৈজ্ঞানিক ভিত্তি নাই । গ্ৰহণৰ সময়ত সকলো কাম কাজ কৰিব পাৰিব স্বাভাৱিকভাৱে । তদুপৰি চলিত বৰ্ষক ১৪ ডিচেম্বৰত দৃশ্যমান হ’ব পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ ৷ অৱশ্যে এই গ্ৰহণ দক্ষিণ আমেৰিকাৰ আকাশতহে দৃশ্যমান হ’ব বুলি তেওঁ কয় ।

Exit mobile version