বুধবাৰে বিয়লি ৫-৩০ বজাত মাৰাত্মক ক’ভিড-১৯ত আক্ৰান্ত হৈ দিল্লীত আকস্মিক ভাবে মৃত্যু বৰণ কৰিছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱৰ যুৱতী ছোনীয়া দেউৰী । কিন্তু দুৰ্ভাগ্যজনক কথা যে ছোনীয়া দেউৰীৰ চিকিৎসাৰ ক্ষেত্ৰত চা ৰ দৰে লাগি থকা বান্ধবী জ্যোতি মজুমদাৰৰো আজি ক’ভিড-১৯ প’জিটিভ ধৰা পৰে । জ্যোতিৰ লগতে ককায়েক অভিজিৎ কুমাৰ মজুমদাৰৰো একেলগে ধৰা পৰিছে ক’ভিড-১৯ প’জিটিভ । এই ঘটনাই নাৰায়ণপুৰৰ ছোনীয়া দেউৰীৰ পৰিয়ালটো প্ৰভাৱ পৰিছে । দুখত ভাগি পৰিছে ছোনীয়াৰ পৰিয়াল বৰ্গ । ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে দুয়ো ভাতৃ-ভগ্নীয়ে সোনকালে আৰোগ্য লাভ কৰে । যি গৰাকী জ্যোতিয়ে বান্ধৱী ছোনীয়াক দিল্লীৰ বে-চৰকাৰী চিকিৎসালয়ে- চিকিৎসাযলয়ে ঘুৰাই ফুৰিছিল সেই গৰাকী বান্ধৱীৰ ক’ভিড প’জিটিভ ধৰা পৰাত আজি চিন্তিত হৈ পৰিছে ছোনীয়াৰ পৰিয়াল বৰ্গ । উল্লেখ্য যে ২০০৭ চনৰে পৰা ছোনীয়াৰ লগত একেলগে থকা জ্যোতি মজুমদাৰৰ ঘৰ উত্তৰ প্ৰদেশৰ এলাহাবাদৰ প্ৰতাপগড় জিলাত । ছোনীয়াৰ ভাতৃ ডিপ্ল’মেন দেউৰীয়ে ছোনীয়াৰ সহপাঠী ভাতৃ ভগ্নী দ্বয়ক সহায় কৰিবৰ বাবে সংশ্লিষ্ট পক্ষক আহ্বান জনাইছে ৷ ইপিনে দিল্লীত ছোনীয়াৰ চিকিৎসাৰ লগত জড়িত আত্মীয় এটি দেউৰী পৰিয়ালৰো স্বাস্থ্য ভাল নহয় বুলি জনাইছে ছোনিয়াৰ পৰিয়ালেে ৷
ছোনীয়া দেউৰীৰ পৰিচৰ্যাকাৰী ভাতৃ ভগ্নী ও আক্ৰান্ত কভিড ১৯ ত : ছোনীয়াৰ পৰিয়ালৰ সহায়ৰ আহ্বান
-
By publisher

Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025